মহানগৰীত ভয়ংকৰ অগ্নিকাণ্ড, জুইত জাহ গ’ল বিলাসী বাহন…

0
111
মহানগৰীত ভয়ংকৰ অগ্নিকাণ্ড, জুইত জাহ গ'ল বিলাসী বাহন...

মহানগৰীৰ নিউ গুৱাহাটীত সংঘটিত হৈছে অঘটন। মন’ মটৰ ৱৰ্কছ নামৰ চাৰিচকীয়া বাহন মেৰামতি কৰা প্ৰতিষ্ঠানত ভয়ংকৰ অগ্নিকাণ্ডত ভস্মীভূত হৈছে এখন বিলাসী বাহন। সন্ধিয়াৰ ভাগত সূত্ৰপাত হোৱা এই জুই কেইবাখনো অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীয়ে নিৰ্বাপন কৰে।

উল্লেখ্য যে, মন’ মটৰ ৱৰ্কছৰ অট্টালিকাৰ দ্বিতীয় মহলাত জুইৰ সূত্ৰপাত হয়। শ্বৰ্ট চাৰ্কিটৰ বাবেই এই জুইৰ সূত্ৰপাত হোৱা বুলি অনুমান কৰা হৈছে। উল্লেখ্য যে, উক্ত প্ৰতিষ্ঠানত মেৰামতি কৰাৰ বাবে কেইবাখনো বাহন ৰখা হৈছিল।

সন্ধিয়া প্ৰায় ৬.৪৫ বজাত এই অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱা বুলি জানিব পৰা গৈছে। অৱশ্যে এতিয়াও ঘটনাৰ প্ৰসংগত সৱিশেষ তথ্য লাভ কৰা হোৱা নাই।

আৰু পঢ়ক : মহানগৰীত ভয়ংকৰ বিস্ফোৰণ, এগৰাকী মহিলাৰ মৃত্যু…