পুৱাই দুখজনক খবৰ, হাস্পতালত ভয়ংকৰ অগ্নিকাণ্ডৰ ফলত ৪ টা নৱজাতকৰ মৃত্যু, কোনোমতে উদ্ধাৰ ৩৬ শিশু

0
4677
পুৱাই দুখজনক খবৰ, হাস্পতালত ভয়ংকৰ অগ্নিকাণ্ডৰ ফলত ৪ টা নৱজাতকৰ মৃত্যু, কোনোমতে উদ্ধাৰ ৩৬ শিশু
ফটো সৌজন্য- ইণ্টাৰনেট

মধ্য প্ৰদেশৰ ৰাজধানী ভূপালত নিশা সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা । যাৰ ফলত ৪টা নৱজাত শিশুৰ কৰুণ মৃত্যু ঘটে। আনহাতে কোনোমতে সুকলমে উদ্ধাৰ কৰা হয় আন ৩৬ টি শিশু।

ৰাজধানীখনৰ অন্যতম হাস্পতাল কমলা নেহৰুত নিশা হঠাতে ভয়ংকৰ অগ্নিকাণ্ড ই আগুৰি ধৰে। হাস্পতাল যি ঠাইত অগ্নিকাণ্ড সংঘটিত হয় সেই ঠাইত মুঠ ৪০ টি নৱজাত শিশু ৰখা হৈছিল।

অগ্নিকাণ্ডৰ ফলত অগ্নিদগ্ধ হৈ ৪টা শিশুৱে কৰুণ মৃত্যুক সাৱটি লয়। উদ্ধাৰ কৰা শিশুকেইটাৰো কোনো কোনো সেই অগ্নিকাণ্ডৰ ফলত কিছু পৰিমাণে আঘাত পাইছে।

অগ্নিকাণ্ডটোৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই। যদিও স্বৰ্ট চাৰ্কিটৰ বাবে এনে হোৱা বুলি সন্দেহ কৰা হৈছে।

ঘটনাৰ খবৰ পোৱা মাত্ৰকে ১৩ খনকৈ অগ্নি নিৰ্বাপক বাহিনীৰ বাহন, উদ্ধাৰকাৰী দল, ৰাজ্যখনৰ স্বাস্থ্য মন্ত্ৰী আহি উপস্থিত হয়। স্বাস্থ্য মন্ত্ৰীয়ে এনে এক হৃদয়বিদাৰক ঘটনাৰ বাবে শোক প্ৰকাশ কৰাৰ লগতে মৃত ৪টা শিশুৰ দুৰ্ভগীয়া পিতৃ মাতৃলৈ ক্ষতিপূৰণ হিচাপে ৪ লাখকৈ টকা প্ৰদানৰ কথা সদৰি কৰে।

আৰু পঢ়ক : নৱেম্বৰত শতিকাৰ দীৰ্ঘতম চন্দ্ৰগ্ৰহণৰ সাক্ষী হ’ব জনসাধাৰণ