দমকলৰ পাইপৰ পৰা পানীৰ সলনি ওলাইছে জুই; দপদপাই জ্বলি আছে এটা সপ্তাহ ধৰি এই জুই

0
122

দমকলৰ পাইপৰ পৰা পানীৰ সলনি ওলাইছে জুই; একুৰা জুইক লৈ আতংকত দিন কটাইছে পৰিয়ালটোৱে

একুৰা জুইক লৈ গহপুৰত সংঘটিত হৈছে এক চাঞ্চল্যকৰ পৰিস্থিতিৰ। পানীৰ বাবে পোতা দমকলৰ পাইপৰ পৰা এতিয়া ওলাইছে জুই। এই ঘটনাৰ স্থান গহপুৰৰ টিঙালীবড়ীৰ। ঘৰত ব্যৱহাৰ কৰা পানীৰ বাবে পোতা দমকলৰ পাইপ এডালৰ পৰা পানীৰ পৰিবৰ্তে ওলাল জুই।

ইয়াৰ উপৰিও সময়ে সময়ে নিজে নিজে জুই নুমাই পাইপ ডালৰ পৰা ৫-৬ ফুট উচ্চতা লৈ ওলাইছে বোকা-পানী আৰু গেছ জাতীয় সামগ্ৰী। কিছু সময় সমগ্ৰী খিনি ওলোৱাৰ পাছত পুনৰ জ্বলি উঠে জুই কুৰা ।

এতিয়া ইয়াকে লৈ আতংকৃত হৈ পৰিছে ঘৰৰ গৰাকী পুতুল নেওগ ৰ লগতে গাঁৱৰ সমগ্ৰ ৰাইজ। সকলো চিন্তিত হৈ পৰিছে যে জুই কুৰায়ে ঘৰ খন আৰু গাওঁ খনত কোনো অনিষ্ট সাধন কৰে বুলি।

গাওঁ বাসিয়ে এই বিষটোৰ সন্দৰ্ভত প্ৰশাসনৰ হস্তক্ষেপ কামনা কৰিছে। বিগত এটা সপ্তাহে দপদপাই জ্বলি থকা জুই কুৰা চাবলৈ গহপুৰৰ বিভিন্ন অঞ্চলৰ পৰা ৰাইজৰ সোত বৈছে।

INPUT; মুন গগৈ ৰিপৰ্ট