দাও দাও জ্বলিল যাত্ৰী বাহী ৰে’ল ! মুহূৰ্ততে জ্বলি ছাই হ’ল দুটাকৈ ডবা

0
24319

দাও দাও জ্বলিল যাত্ৰী বাহী ৰে’ল ! মুহূৰ্ততে জ্বলি ছাই হ’ল দুটাকৈ ডবা

বুধবাৰে আবেলি মধ্যপ্ৰদেশৰ বেতুলৰ ৰে’লৱে য়াৰ্ডত এখন যাত্ৰীবাহী ৰে’লত জুই লাগে।খন্তেকতে জুইয়ে এক ভয়ংকৰ ৰূপ ধাৰণ কৰিলে। জুইৰ ফলত দুটা ডবা
বেয়াকৈ জ্বলি গৈছিল। তৃতীয়টো ডবা ৰেলখনৰ পৰা পৃথক কৰা হৈছিল যদিও জুইৰ ফলত ই সামান্য ক্ষতিগ্ৰস্ত হৈছিল।

দৰাচলতে,০৯৫৮৯ নম্বৰৰ ৰে’লখনৰ তিনিটা ডবা পৰিষ্কাৰ কৰাৰ বাবে বেতুল ষ্টেচনত ৰখাই থোৱা আছিলে। হঠাতে বুধবাৰে আবেলি প্ৰায় ২.৩০ বজাৰ পৰা আবেলি ৩ বজাৰ ভিতৰত ডবা এটাত জুই লাগে। অজ্ঞাত কাৰণত আৰম্ভ হোৱা জুইয়ে এক ভয়ংকৰ ৰূপ ধাৰণ কৰে।

ৰে’ল কৰ্মচাৰীসকলে লগে লগে ৰে’লৱেৰ জ্যেষ্ঠ বিষয়াসকলক জুইৰ বিষয়ে অৱগত কৰে । তথ্য পোৱাৰ লগে লগে অগ্নি নিৰ্বাপক বাহিনীৰ দল ঘটনাস্থলীত উপস্থিত হয়।কিন্তু অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী জুই লগা ঠাইত উপস্থিত হ’ব নোৱাৰে।

তাৰ পিছতে   ৰে’লৱে কৰ্মী সকলে ইয়াৰ অগ্নি নিৰ্বাপক যন্ত্ৰ আৰু স্থানীয় লোকে পথাৰত স্থাপন কৰা টিউবৱেলত সহায়ত জুই নুমুৱাবলৈ চেষ্টা কৰিছিল।
ডেৰ ঘণ্টাৰ পিছত জুই নিয়ন্ত্ৰণলৈ কৰিবলৈ সক্ষম হয়।