24 C
Guwahati
Tuesday, May 18, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    বিধ্বংসী অগ্নিকাণ্ড; ৯ টা গৃহ ভস্মীভূত, কমেও ৭০ লাখ টকাৰ সামগ্ৰী জুইত জাহ

    বিধ্বংসী অগ্নিকাণ্ড; ৬ টা গৃহ ভস্মীভূত, কমেও ৭০ লাখ টকাৰ সামগ্ৰী জুইত জাহ। ধুবুৰী জিলাৰ বিলাসীপাৰাৰ বামুনপাৰা ৪ৰ্থ খণ্ড গাঁৱত এই বিধ্বংসী অগ্নিকাণ্ড সংঘটিত হৈছে।

    এই অগ্নিকাণ্ডটোৰ ফলত তিনিটা পৰিয়ালৰ ৯ টাকৈ গৃহ ভস্মীভূত হয়। বাৰেক আলী নামৰ লোক গৰাকীৰ ঘৰৰ পৰা অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱা বুলি জানিবলৈ দিছে স্থানীয় লোকে। |

    অগ্নিকাণ্ডটোত বক্কাৰ আলী আৰু তজৱ আলীৰ মুঠ ৯ টা গৃহ ভস্মীভূত হয় | পিছে বৰ্তমানলৈ এই ভয়ংকৰ অগ্নিকাণ্ডৰ উৎস জানিব পৰা হোৱা নাই।

    দুৰ্গম অঞ্চল হোৱা হেতুকেই অগ্নি নিৰ্বাপক বাহিনী ঘটনা স্থলীত উপস্থিত হ’ব হবলৈ সক্ষম নহয় । যাৰ বাবে স্থানীয় ৰাইজে নিজেই নামি পৰে জুই নিৰ্বাপিত কৰিবলৈ আৰু সকলোৰে তৎপৰতাৰে অৱশেষত নিৰ্বাপিত কৰে জুই |

    অগ্নিকাণ্ডৰ ফলত ৭০ লক্ষাধিক টকা মূল্যৰ সা সম্পত্তি পুৰি ছাইত পৰিণত হয় বুলি জানিব পৰা গৈছে |

    আৰু পঢ়ক : BPF প্ৰাৰ্থীয়ে বিজেপিত যোগদান কৰা তামুলপুৰ সমষ্টিত নিৰ্বাচন বাতিল কৰিবলৈ দাবী কংগ্ৰেছৰ

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং