বুধবাৰে নিশা নিশা প্ৰায় ১০ মান বজাত লংকা ২ নং পিপল পুখুৰীস্থিত ডালমিয়া চিমেন্ট কাৰখানাৰ চৌহদত থকা চেগুন বাগানত বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়।
চিমেণ্ট কাৰখানাৰ ভিতৰত কোনো দুৰ্বৃত্তই অগ্নি সংযোগ কৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে।
ডালমিয়া চিমেণ্টৰ কাষৰ বৃহত্তৰ অঞ্চলটো জুইৰ লেলিহান শিখাই আৱৰি ধৰে যদিও কথমপি ৰক্ষা পৰে চিমেণ্ট ফেক্টৰিটোৰ কাষৰ কেইবাখনো গাঁও।
এই অগ্নিকাণ্ডৰ ঘটনাৰ খবৰ পোৱাৰ পিছতে হোজাই জিলাৰ বিভিন্ন স্থানৰ পৰা অহা ৮ খনকৈ অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ীয়ে প্ৰায় তিনিঘন্টাৰ অন্তত জুই নুমুৱাবলৈ সক্ষম হয়|
জুইত ক্ষয়-ক্ষতিৰ পৰিমান বৰ্তমান সময়লৈকে জানিব পৰা হোৱা নাই।
আৰু পঢ়ক : লকডাউনৰ চিন্তা-চৰ্চা কৰা নাই ৰাজ্য চৰকাৰে, জনালে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই