লংকা আদৰ্শপল্লী ৬ নং ৱাৰ্ডত পুৱতি নিশা বিধ্বংসী অগ্নিকাণ্ড। তিনিটা কৈ বাসগৃহ সম্পূৰ্ণৰূপে জুইত ভস্মীভূত হয়।
দীপক সূত্ৰধৰ,নিৰঞ্জন সাহা আৰু দিলীপ দাস নামৰ তিনিজন লোকৰ বাসগৃহ জুইত পুৰি ছাৰখাৰ হয় বুলি জানিব পৰা গৈছে। তিনিটা বাসগৃহ মিলি সৰ্বমুঠ ২০ লাখ পৰা ৩০ লাখ টকাৰ ক্ষয়-ক্ষতি হৈছে।
কোনো দুৰ্বৃত্তই দীপক সূত্ৰধৰৰ ঘৰৰ লোক ঘৰত নথকাৰ সুযোগ লৈ তেওঁৰ ঘৰত লুটপাট কৰি ঘৰত অগ্নিসংযোগ কৰি থোৱাৰ সন্দেহ কৰিছে স্থানীয় ৰাইজে। দীপক সূত্ৰধৰৰ ঘৰৰ পৰাই অন্য দুটা বাসগৃহলৈ জুইৰ সূত্ৰপাত ঘটে।
অগ্নিনিৰ্বাপক বাহিনী সময়মতে ঘটনাস্থলীত উপস্থিত নোহোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ যদিও স্থানীয় ৰাইজে জুই নুমুৱাবলৈ পাৰ্যমানে প্ৰয়াস কৰে।