
কৰ্ণাটকৰ তুমকুৰু জিলাত অভিনেত্ৰী কংগনা ৰানাৱটৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে।
আৰক্ষী বিষয়াই এই কথা জানিবলৈ দিয়ে।
কংগনাৰ বিৰুদ্ধে তেওঁৰ এটা টুইটক লৈ শুকুৰবাৰে এখন আদালতে আৰক্ষীক FIR দাখিল কৰাৰ আদেশ প্ৰদান কৰিছিল।
তুমকুৰুৰ প্ৰথম শ্ৰেণীৰ ন্যায়িক মেজিষ্ট্ৰেটৰ আদালতে অধিবক্তা ৰমেশ নাইক দ্বাৰা দাখিল কৰা অভিযোগৰ ভিত্তিত কয়াথাছন্দৰা থানাৰ নিৰীক্ষকক কংগনাৰ বিৰুদ্ধে প্ৰাথমিক গোচৰ ৰুজু কৰাৰ নিৰ্দেশ প্ৰদান কৰিছিল।
আদালতে ক’লে যে অভিযোগকাৰীয়ে CRPCৰ ধাৰা ১৫৬(৩)ৰ আধাৰত অভিযোগ দাখিল কৰিছে।
উল্লেখ্য যে প্ৰধানমন্ত্ৰী মোদীয়ে কিছুদিন পূৰ্বে বলবৎ হোৱা কৃষি বিধেয়কৰ সম্বন্ধত এটা টুইট কৰিছিল।
এই টুইটটো ৰিটুইট কৰি কংগনা ৰানাৱটে কৈছিল যে, ”প্ৰধানমন্ত্ৰী জী, কোনোবাই শুই থাকিলে তাক জগাব পাৰে, যাৰ ভুল ধাৰণা থাকে তাক বুজাব পাৰি কিন্তু যিয়ে শুই থকাৰ ভাও জুৰি থাকে, বুজি নোপাৱাৰ অভিনয় কৰে তাক বুজালে কি প্ৰভাৱ পৰিব?
এইটো সেইটোৱেই আতংক। CAAৰ পৰা এজন লোকৰো নাগৰিকতা যোৱা নাই কিন্তু এওঁ তেজৰ নদী বোৱাই দিছে।”
নাইকে ক’লে এই টুইটটোৰে তেওঁৰ আবেগে কষ্ট পাইছে আৰু ইয়াৰ পিছতে তেওঁ কংগনাৰ বিৰুদ্ধে প্ৰাথমিক গোচৰ ৰুজু কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল।
Photo Credit: Google