24 C
Guwahati
Thursday, May 19, 2022
More

    ভগৱানক সাঙুৰি অশ্লীল মন্তব্য, এইগৰাকী জনপ্ৰিয় অভিনেত্ৰীৰ বিৰুদ্ধে এজাহাৰ দাখিল

    ধৰ্মীয় অনুভূতিত আঘাত হনা মন্তব্য দিয়াৰ বাবে অভিযোগত অভিনেত্ৰী শ্বেতা তিৱাৰীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে।

    মধ্য প্ৰদেশৰ গৃহ মন্ত্ৰী ড০ নৰোত্তম মিশ্ৰই শ্বেতা তিৱাৰীৰ মন্তব্যৰ পাছতে অভিনেত্ৰী গৰাকীক তীব্ৰ সমালোচনা কৰে আৰু ঘটনা সন্দৰ্ভত আৰক্ষীক এখন এজাহাৰ দাখিল কৰাৰ নিৰ্দেশ দিয়ে।

    গৃহ মন্ত্ৰী গৰাকীৰ নিৰ্দেশৰ পাছতে মধ্যপ্ৰদেশ আৰক্ষীয়ে অভিনেত্ৰী গৰাকীৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰি তদন্ত আৰম্ভ কৰিছে। হয়টো অতি শীঘ্ৰে মধ্যপ্ৰদেশ আৰক্ষীয়ে অভিনেত্ৰী গৰাকীক গ্ৰেপ্তাৰ কৰিব।

    উল্লেখযোগ্য যে, মধ্যপ্ৰদেশৰ ভূপালত অনুষ্ঠিত এটা অনুষ্ঠানত অভিনেত্ৰী শ্বেতা তিৱাৰীয়ে ভগৱানে তেওঁৰ অন্তৰ্বাসৰ জোখ গ্ৰহণ কৰি আছে বুলি বিতৰ্কিত মন্তব্য কৰিছিল।

    “ভগৱানে মোৰ ব্ৰাৰ জোখ গ্ৰহণ কৰি আছে,” অনুষ্ঠানটোত অংশলৈ এইদৰে মন্তব্য কৰিছিল শ্বেতা তিৱাৰীয়ে।

    অভিনেত্ৰী গৰাকীৰ উক্ত মন্তব্যটো ভাইৰেল হৈ পৰাৰ পাছতে সামাজিক মাধ্যমতো জনসাধাৰণৰ ৰোষৰ সন্মুখিন হ’বলগীয়া হৈছে অভিনেত্ৰী গৰাকী।

    একাংশ লোকে এনে অশ্লীল মন্তব্যৰ বাবে শীঘ্ৰে অভিনেত্ৰী গৰাকীক আটক কৰাৰ বাবে দাবী উত্থাপন কৰিছে।

    আৰু পঢ়ক : কালিকা লাগিছে ভঙা দিচাং দলঙত, কৰুণ মৃত্যুক সাৱটিলে এজনে

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং