24.2 C
Guwahati
Saturday, September 18, 2021
More

    ন-বিজেপি ৰূপজ্যোতি কুৰ্মীৰ বিৰুদ্ধে এজাহাৰ দাখিল অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ

    শেহতীয়াকৈ কংগ্ৰেছ দল ত্যাগ কৰি বিজেপিত যোগদান কৰা মৰিয়নি সমষ্টিৰ প্ৰাক্তন বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ সন্মুখত পুনৰ আন এক প্ৰত্যাহ্বান।

    সততে সংবাদ মাধ্যমত চৰ্চিত হৈ থকা এইগৰাকী ন-বিজেপি নেতাৰ বিৰুদ্ধে অসম চাহ জনজাতি ছাত্ৰ সন্থাই এজাহাৰ দাখিল কৰা ঘটনা পোহৰলৈ আহিছে।

    প্ৰাক্তন বিধায়ক গৰাকীয়ে ক’ভিড প্ৰট’কল ভংগ কৰি ৰাজহুৱা সভা অনুষ্ঠিত কৰাৰ অভিযোগ তুলি ছাত্ৰ সংগঠনটোৱে শুকুৰবাৰে যোৰহাট জিলাৰ মৰিয়নি থানাত এজাহাৰ দাখিল কৰে।

    এজাহাৰখনত সংগঠনটোৱে স্পষ্ট ৰূপত উল্লেখ কৰে যে যোৰহাট জিলাত লকডাউন প্ৰযোজ্য হৈ থকাৰ পিছতো প্ৰাক্তন বিধায়ক গৰাকীয়ে ক’ভিড প্ৰট’কল (ডিজাষ্টাৰ মেনেজমেণ্ট আইন ২০০৫) ভংগ কৰি প্ৰায় ২৫০ লোকক সমবেত কৰি ৰাজহুৱা সভা অনুষ্ঠিত কৰে।

    সভাখনত ৰাজ্য চৰকাৰৰ শক্তি মন্ত্ৰী বিমল বৰাও উপস্থিত আছিল বুলি সংগঠনটোৱে উল্লেখ কৰে এজাহাৰখনত।

    সাধাৰণ জনতাই অতি দুখ-কষ্ট সহ্য কৰি লকডাউন মানি চলাৰ সময়ত ক’ভিড বিধি উলংঘা কৰা প্ৰাক্তন বিধায়ক গৰাকীৰ ওপৰত আইনগত ব্যৱস্থা লোৱাৰ অনুৰোধ জনাই সংগঠনটোৱে।       

    উল্লেখ্য যে যোৱা ১৮ জুনত অসমৰ ৰাজনীতিত ব্যাপক পট পৰিৱৰ্তন ঘটাই কংগ্ৰেছ দলৰ বিধায়ক পদ ত্যাগ কৰিছিল মৰিয়নিৰ চাৰিবাৰৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে।

    ইযাৰ পিছতে ২১ জুনত আনুষ্ঠানিকভাৱে বিজেপিত যোগ দিছিল কুৰ্মীয়ে।

    আৰু পঢ়ক : অসম-মেঘালয় সীমা বিবাদ; ১২ টা বিতৰ্কিত স্থানক নিজৰ বুলি দাবী দুয়ো পক্ষৰ

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং