চৈয়দ আ‍ব্দুল মালিকক চৰম অপমান কৰা অধ্যাপিকাৰ বিৰুদ্ধে এজাহাৰ দাখিল

কেৱল চৈয়দ আব্দুল মালিকেই নহয়, ৰূপা ৰাণী ভূঞাই নেৰিলে বাঘ হাজৰিকাকো

0
139

অসমৰ বিশিষ্ট কবি, গল্পকাৰ, ঔপন্যাসিক,নাট্যকাৰ, সাহিত্য অকাডেমী বঁটাপ্ৰাপ্ত, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি,পদ্মশ্ৰী–পদ্মভূষণেৰে বিভূষিত চৈয়দ আ‍ব্দুল মালিকক চৰম অপমান কলেজৰ অধ্যাপিকাৰ। ফেচবুকত আব্দুল মালিকৰ এটা কবিতাক লৈ অপমানসূচক মন্তব্য কৰি চাঞ্চল্য সৃষ্টি কৰিছে মঙলদৈ কলেজৰ ইংৰাজী বিভাগৰ ৰূপা ৰাণী ভূঞা নামৰ এগৰাকী অধ্যাপিকাই। আব্দুল মালিকৰ ‘মই অসমীয়া’ শীৰ্ষক কবিতাটোৰ কিয়দংশ তুলি ধৰি সাম্প্ৰদায়িক ৰং দিয়াৰ চেষ্টা এইগৰাকী মহিলাৰ।

ৰূপা ৰাণী ভূঞাৰ এই মন্তব্যৰ পিছতে সমগ্ৰ অসমতে সৃষ্টি হৈছে যথেষ্ট প্ৰতিক্ৰিয়াৰ। অধ্যাপিকাগৰাকীৰ মন্তব্যক ফেচবুকতে অনেক লোকেই কৰিছে কটু সমালোচনা। মহিলাগৰাকীৰ এই পোষ্টত বিভিন্নজনে গৰিহণা দিয়াৰ লগতে উঠিছে গ্ৰেপ্তাৰৰ দাবীও। বৰ্তমান ইংৰাজী বিভাগৰ অধ্যাপিকাগৰাকীৰ বিৰুদ্ধে দেৰগাঁও আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে বাবুল আলী হাজৰিকা নামৰ এজন যুৱকে।

চৈয়দ আব্দুল মালিকৰ জন্মস্থান নাহৰণিৰে যুৱক বাবুল আলী হাজৰিকা। বিতৰ্কিত মন্তব্যৰে সাম্প্ৰদায়িক ৰং সানি সমাজক অস্থিৰ কৰিবলৈ চেষ্টা কৰা ৰূপা ৰাণী ভূঞাক গ্ৰেপ্তাৰ কৰি উচিত শাস্তি বিহাৰ দাবী যুৱকজনৰ।কেৱল চৈয়দ আব্দুল মালিকেই নহয়, ৰূপা ৰাণী ভূঞাই ইয়াৰ পিছতেই বাঘ হাজৰিকাকলৈও কৰিলে বিৰূপ মন্তব্য।

ছচিয়েল মিডিয়াত বিতৰ্কিত, উচতনিমূলক, সাম্প্ৰদায়িক মন্তব্য কৰা লোকসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা অসম আৰক্ষীয়ে ৰূপা ৰাণী ভূঞাৰ ক্ষেত্ৰত কি ব্যৱস্থা গ্ৰহণ কৰে সেয়াহে হ’ব লক্ষ্যণীয়।