
বিতৰ্কিত মন্তব্যৰ বাবে প্ৰায়ে সংবাদমাধ্যমৰ শিৰোনামা দখল কৰি থকা বাঘবৰ সমষ্টিৰ বিধায়ক শ্বেৰমান আলীৰ বিৰুদ্ধে লতাশিল আৰক্ষী থানাত এজাহাৰ দাখিল কৰা হৈছে।
বাঘবৰ সমষ্টিৰ বিধায়ক গৰাকীৰ মহিলাৰ বস্ত্ৰক লৈ কৰা মন্তব্যই মহিলা সকলৰ আত্মসন্মানত আঘাত হানিছে বুলি অভিযোগ তুলি নিৰ্যাতন বিৰোধী ঐক্য মঞ্চৰ সাধাৰণ সম্পাদিকা সুমিত্ৰা হাজৰিকাই আজি লতাশিল থানাত শ্বেৰমান আলীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে।
সুমিত্ৰা হাজৰিকাই নাৰীক অপমান কৰা মন্তব্যৰ বাবে শীঘ্ৰেই তদন্ত কৰি শ্বেৰমান আলীক গ্ৰেপ্তাৰৰ দাবী জনায়।
উল্লেখযোগ্য যে, কিছুদিন পূৰ্বে বাঘবৰ সমষ্টিৰ বিধায়ক গৰাকীয়ে সংবাদমাধ্যমৰ আগত নাৰীয়ে উত্তেজক পোছাক পৰিধান কৰা আৰু স্বল্পবসন পৰিধান কৰা বাবেই ধৰ্ষণৰ ঘটনা বৃদ্ধি পাইছে বুলি মন্তব্য কৰিছিল।
লতাশিল আৰক্ষী থানাত বিধায়ক গৰাকীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰাৰ পাছতে এতিয়া পুনৰ বিপদত পৰিছে শ্বেৰমান আলী।
গৰুখুটিৰ উচ্ছেদৰ ঘটনাৰ পাছত শ্বহীদৰ প্ৰতি কৰা অপমান সূচক মন্তব্যৰ বাবে শ্বেৰমান আলী কাৰাবাস খাটিবলগীয়া হৈছিল।
ইপিনে, কিছুদিন পূৰ্বে বৰপেটা সত্ৰৰ ভূমি বেদখল কৰা ঘটনা সন্দৰ্ভতো প্ৰশাসনে পুতি থোৱা খুটি উভালি শ্বেৰমান আলীয়ে বিতৰ্কৰ সৃষ্টি কৰিছিল।
আৰু পঢ়ক : ৰাজ্য চৰকাৰৰ বৃহৎ সিদ্ধান্ত, এতিয়াৰে পৰা নিৰ্দিষ্ট গতিবেগতহে চলাব পাৰিব বাহন