২১ ফেব্ৰুৱাৰী অৰ্থাৎ দেওবাৰে নিষিদ্ধ সশস্ত্ৰ সংগঠন আলফা(স্বাঃ)ৰ সেনাধ্যক্ষ পৰেশ বৰুৱাৰ অডিঅ’ সংবাদমেল আয়োজন কৰাৰ বাবে গুৱাহাটী প্ৰেছ ক্লাবৰ সভাপতি আৰু সাধাৰণ সম্পাদকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে।
গুৱাহাটী প্ৰেছ ক্লাবৰ সভাপতি মনোজ নাথ আৰু সাধাৰণ সম্পাদক সঞ্জয় ৰায়ৰ বিৰুদ্ধে সাংবাদিক বিশ্বজিৎ নাথে লতাশিল আৰক্ষী থানাত এজাহাৰখন দাখিল কৰে।
উল্লেখ্য যে আলফা(স্বাঃ)ৰ দ্বাৰা দুজন কুইপ’ কৰ্মচাৰীৰ অপহৰণক কেন্দ্ৰ কৰি ৰাজ্যজুৰি সৃষ্টি হোৱা প্ৰতিক্ৰিয়াৰ পিছত সংগঠনটোৰ সেনাধ্যক্ষ পৰেশ বৰুৱাই অডিঅ’ সংবাদমেলৰ আহ্বান কৰিছিল। পিছত আৰক্ষীৰ হস্তক্ষেপত সংবাদমেলখন বাতিল কৰা হৈছিল।
সাংবাদিক বিশ্বজিৎ নাথে আৰক্ষী থানাত দাখিল কৰা অভিযোগত উল্লেখ কৰি কয়, ‘প্ৰেছ ক্লাবটোৱে দেশৰ সাৰ্বভৌমত্ব আৰু অখণ্ডতাক ভাবুকি দিয়া নিষিদ্ধ সশস্ত্ৰ সংগঠনৰ এজন বিচ্ছিন্নতাবাদী নেতাক এইদৰে সুযোগ প্ৰদান কৰিছে’।
তেওঁ লগতে কয়, ‘Unlawful Prevention Activity Act 1967’ অনুসৰি এগৰাকী নিষিদ্ধ ঘোষিত সন্ত্ৰাসবাদী সংগঠনৰ মুৰব্বীৰ বক্তব্য সংবাদ মাধ্যমে গ্ৰহণ কৰাটো শাস্তিযোগ্য’।
সংবাদমেলৰ অডিঅ’ মুকলি কৰাৰ পূৰ্বে বহুতো সংবাদ মাধ্যমত ক্লাবৰ পৰা লাইভ সম্প্ৰচাৰণ কৰা হৈছিল। মহানগৰ আৰক্ষীৰ হস্তক্ষেপৰ বাবেই নিৰ্ধাৰিত লাইভ অডিঅ’ সম্প্ৰচাৰ বাতিল কৰা হৈছিল।
সাংবাদিক নাথে আইন আৰু শৃংখলা প্ৰৱৰ্তনকাৰী সংস্থাক অঞ্চলটোত “দেশ বিৰোধী মানসিকতাক নিৰুৎসাহিত” কৰিবলৈ কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায়।
আৰু পঢ়ক : আঞ্চলিক দল হিচাপে অসম গণ পৰিষদৰহে স্থিতি আছে : চন্দ্ৰমোহন পাটোৱাৰী