29 C
Guwahati
Monday, July 26, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    ১৫ কোটি টকাৰ উৎকোচ লোৱাৰ অভিযোগত এজাহাৰ দাখিল পূৰ্ব আৰক্ষী আয়ুক্তৰ বিৰুদ্ধে

    ১৫ কোটি টকাৰ উৎকোচ লোৱাৰ অভিযোগত এজাহাৰ দাখিল পূৰ্ব আৰক্ষী আয়ুক্তৰ বিৰুদ্ধে

     মুম্বাইৰ পূৰ্বৰ আৰক্ষী আয়ুক্ত পৰমবীৰ সিঙৰ বিৰুদ্ধে এক এজাহাৰ দাখিল হৈছে। পৰমবীৰৰ লগতে মুম্বাই আৰক্ষীৰ আন বিষয়াৰ নামো এই এজাহাৰত অন্তৰ্ভক্ত আছে।

    ১৫ কোটি টকাৰ উৎকোচৰ অভিযোগ উত্থাপন কৰি এজন বিল্ডাৰে এই এজাহাৰ দাখিল কৰিছে।

    জানিব পৰা মতে মৰীন ড্ৰাইৱ আৰক্ষী থানাত এই এজাহাৰ দাখিল হৈছে। ভুক্তভোগীৰ মতে তেওঁৰ বিৰুদ্ধে থকা কিছু গোচৰৰ মীমাংশা কৰিবৰ বাবে ১৫ কোটি টকাৰ দাবী কৰিছিল।

    এই এজাহাৰত মুম্বাইক পূৰ্বৰ আৰক্ষী আয়ুক্ত পৰমবীৰ সিঙৰ উপৰিও ৫ জন অন্য আৰক্ষী আৰু ২জন সাধাৰন নাগৰিক আছে।অৰ্থাৎ প্ৰায় ৮ গৰাকী লোকৰ বিৰুদ্ধে এজাহাৰ দাখিল হৈছে।

    যি সকল আৰক্ষী কৰ্মীৰ নাম এজাহাৰত আছে তাৰ ভিতৰত আছে মুম্বাই আৰক্ষীৰ ক্ৰাইম ব্ৰাঞ্চৰ ডিচিপি।

    উল্লেখ্য যে, পৰমবীৰ সিঙে পূ্ৰ্বৰ মহাৰাষ্ট্ৰৰ গৃহমন্ত্ৰী অনিল দেশমুখৰ বিৰুদ্ধে ১০০ কোটি টকাৰ উৎকোচৰ গভীৰ অভিযোগ উত্থাপন কৰিছিল । তাৰপিছতেই নিজৰ পদৰ পৰা পদত্যাগ কৰিছিল দেশমুখে।এই বিবাদত পৰমবীৰ সিঙো নিজৰ পদৰ পৰা বৰ্খাস্ত হবলগীয়া হৈছিল।

    আৰু পঢ়ক : কেৱল ইন্দ্ৰনগৰৰ নহয় সমগ্ৰ ভাৰতৰে গুণ্ডা ৰাহুল দ্ৰাবিড়, এগৰাকী নৱাগত ক্ৰিকেটাৰৰ মন্তব্য

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং