27 C
Guwahati
Wednesday, August 10, 2022
More

    অসমীয়া গহণাৰ ট্ৰেণ্ডিঙত কি কি নতুন ডিজাইন, ক্ৰয় কৰাৰ আগত জানি লওঁক এই কথা…

    অসমীয়া গহণাৰ ট্ৰেণ্ডিঙত কি কি নতুন ডিজাইন, ক্ৰয় কৰাৰ আগত জানি লওঁক এই কথা…

    চলিত সময়ত অসমীয়া পৰম্পৰাগত গহণাৰ চাহিদা যথেষ্ট বৃদ্ধি পাইছে। বিয়াৰ পৰা ফেশ্বন লৈকে অসমীয়া পৰম্পৰাগত গহণাই যথেষ্ট সমাদৰ লাভ কৰিছে। সময়ৰ লগে লগে এই অসমীয়া গহণা সমূহৰ ডিজাইন সলনি হৈ থকা দেখিবলৈ পোৱা যায়। বৰ্তমান অসমীয়া গহণাৰ ট্ৰেণ্ডিংত বহু নতুন নতুন ডিজাইন দেখিবলৈ পোৱা গৈছে-

    এই অসমীয়া গহণা সমূহক তৈয়াৰ কৰাত বহু পৰিমানে ৰূপ বা সোণ ব্যৱহাৰ কৰা হয়। প্ৰায় ২০০২ চনৰ পৰা এই অসমীয়া গহণাৰ জনপ্ৰিয়তা বৃ্দ্ধি পাবলৈ লৈছে।

    বৰ্তমান সময়ত অসমীয়া গহণা সমূহত বহু উন্নত ডিজাইন দেখিবলৈ পোৱা যায়। এই গহণা সমূহৰ চাহিদা আৰু জনপ্ৰিয়তা দিনে দিনে বৃদ্ধি পাবলৈ লৈছে।

    নৱ প্ৰজন্মকো এই ডিজাইন সমূহে আকৰ্ষিত কৰিছে। এইসমূহ গহণা এই কাৰণেই আকৰ্ষনীয় যে ইয়াক কেৱল অসমত হে তৈয়াৰ কৰিব পাৰে।

    ধান চিৰিয়াৰ পৰা লোকাপাৰ,জোনবিৰি, শেনপতিয়া সকলো এতিয়া ট্ৰেণ্ডিং ত আছে। গ্ৰাহকৰ বাবে বিক্ৰেতা সকলে নতুন নতুন ডিজাইন লৈ আহিছে।

    এই গহণা সমূহ পৰিধান কৰাৰ পিছত এগৰাকী মহিলা অধিক আকৰ্ষণীয় হৈ উঠে। ইয়াৰ মূল্য সৰ্বাধিক ২০-২২ হাজাৰ পৰ্যন্ত আছে। যদিহে কেৱল সোণৰ বনোৱা হয় তেন্তে আৰু অধিক।

    সাধাৰণতে ৰূপৰ গহনাৰ ওপৰত সোণৰ কেঁচা পানী বা সোণৰ পানী চলিওৱা হয়। নাইবা ইয়াক কোনো অন্য় উপাদানেৰেও বৱোনা হয়, যাৰ মূল্য আৰু কম।

    বহু সময়ত বজাৰত নকল অসমীয়া গহণাও দেখিবলৈ পোৱা যায়। পাছে ইয়াৰ পাৰ্থক্য গ্ৰাহকে সহজে ধৰিব নোৱাৰে।সেয়েহে কোনো অসমীয়া গহণা ক্ৰয় কৰাৰ সময়ত ভালকৈ পৰীক্ষা কৰি লব লাগে।

    ফেশ্বন উদ্যোগত অতি দ্ৰুতগতিত অসমীয়া পৰম্পৰাগত গহণা আগবাঢ়ি গৈছে।এই পৰম্পৰাগত গহণা সমূহ কেৱল অসমতেই নহয় অসমৰ বাহিৰৰ লোকসকলৰো দৃষ্টি আকৰ্ষণ কৰি আহিছে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং