বাজেট দাখিল বিত্তমন্ত্ৰীৰ ! বাজেটত কাৰ বাবে আছে কি কি ভাল খবৰ , চৰকাৰী কৰ্মচাৰীলৈ বিশেষ খবৰ

0
1

বাজেট দাখিল বিত্তমন্ত্ৰীৰ ! বাজেটত কাৰ বাবে আছে কি কি ভাল খবৰ , চৰকাৰী কৰ্মচাৰীলৈ বিশেষ খবৰ

আজি বিধানসভাত বিত্তমন্ত্ৰী অজন্তা নেওগে দাখিল কৰে ২০২৩–২৪ বিত্তীয় বৰ্ষৰ বাজেট।বিত্তমন্ত্ৰীগৰাকীয়ে বাজেট দাখিল কৰি কয় যে , ৰাজ্যৰ বিত্তীয় অৱস্থাৰ উল্লেখযোগ্য উন্নতি ঘটিছে।

মুঠ ঘৰুৱা উৎপাদন– ৫.৫০ লাখ কোটি টকাৰ সীমা অতিক্ৰম কৰাৰ লগে লগে ২০২৩–২৪ বৰ্ষত এক নতুন ইতিহাস ৰচনা কৰিবলৈ সক্ষম হ’ব।ব্যয়ৰ ক্ষেত্ৰত বিগত বৰ্ষত এক লাখ কোটি টকাৰ সীমা অতিক্ৰম কৰা বুলি উল্লেখ কৰি এই বৰ্ষত অৰ্থাৎ ২০২২–২৩ বৰ্ষত অধিক ব্যয় কৰিবলৈ সক্ষম হ’ব বুলিও উল্লেখ কৰে বাজেট ভাষণত।

বিত্তমন্ত্ৰীয়ে কয়, ২০২১ চনৰ ১০ মে’ৰ পৰা চৰকাৰী খণ্ডত ৪১,৯২০ গৰাকী প্ৰাৰ্থীক নিযুক্তি দিয়া হৈছে। ইয়াৰ উপৰি চৰকাৰে আৰু ৪০ হাজাৰ চাকৰিত নিযুক্তিৰ প্ৰক্ৰিয়া অব্যাহত ৰাখিছে। শীঘ্ৰে এই পৰ্যায়ো সমাপ্ত হ’ব। আনহাতে মহিলাৰ ক্ষেত্ৰত এইবাৰ বাজেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হৈছে।

এইবাৰৰ বাজেটত ৩০ লাখ মহিলাক উদ্যমী ৰূপে গঢ়াৰ লক্ষ্য লৈছে চৰকাৰে। তাৰ বাবে আত্মসহায়ক গোটৰ প্ৰতিগৰাকী সদস্যই এজেহাৰকৈ টকা লাভ কৰিব।ঋণ ঘূৰাই নিদিয়াৰ বাবে বেংক একাউণ্ট বন্ধ হৈ যোৱা দুৰ্দশাগ্ৰস্ত আৰু অভাৱগ্ৰস্ত মহিলাক ২৫ হাজাৰ টকা পৰ্যন্ত প্ৰদান কৰা হ’ব।

অৰুণোদয় নোপাৱা বিধৱা মহিলাই প্ৰতি মাহে ১,২৫০ টকাকৈ লাভ কৰিব। এই অৰুণোদয় আঁচনিৰ ধন এই বৰ্ষৰ শেষৰ ফাললৈ বৃদ্ধি পাব। আন আন লোক সকলৰ লগতে এইবাৰ সত্ৰৰ উদাসীন ভকতেও আৰুণোদয় আঁচনি সুবিধা লাভ কৰিব।

আজি বিত্তমন্ত্ৰী গৰাকীয়ে দাখিল কৰা বাজেটত চাহ বাগিছা আৰু আদিবাসী সম্প্ৰদায়ৰ বাবেও বিশেষ সিদ্ধান্ত লোৱা হৈছে। OBC কোটাৰ ভিতৰত ৩ % সংৰক্ষণৰ বিবেচনা কৰা হৈছে। বাগিচাৰ লেবাৰ লাইনত বকেয়া বিদ্যুতৰ বিল এবাৰ ৰেহাই দিব।

আনহাতে আজি দাখিল কৰা বাজেটত শিক্ষাখণ্ডলৈও কেইবাটাও সিদ্ধান্ত লেৱা হৈছে। ৰাজ্যৰ ৮ খন মহাবিদ্যালয়ক বিশ্ববিদ্যালয়লৈ উন্নীত কৰা হ’ব। লগতে দৰিদ্ৰ সীমাৰেখা তলৰ সকলো ছাত্ৰ-ছাত্ৰীলৈ মাচুল ৰেহাই দিয়া হৈছে। সাধাৰণ স্নাতকোত্তৰ শিক্ষাৰ্থীলৈ যাতায়াতী অনুদান ৰূপে ১০ হাজাৰ টকাকৈ প্ৰদান কৰা হ’ব।

নৱম শ্ৰেণীত অসমৰ ভিতৰত প্ৰথম হোৱা ছাত্ৰই এটাকৈ টেবলেট লাভ কৰিব।ৰাজ্যত নতুনকৈ ৮ খন পলিটেকনিক নিৰ্মাণৰ ঘোষণা কৰে বিত্তমন্ত্ৰী গৰাকীয়ে। বাজেট খনত অসমৰ হাজাৰ হাজাৰ চৰকাৰী চাকৰিয়াললৈ এক ভাল খবৰ আছে। ‘আপোন বাহন’আঁচনিৰ সুবিধা পাব চৰকাৰী চাকৰিয়ালে ।

লগতে বাহন কিনাৰ বাবে চৰকাৰী কৰ্মচাৰীয়ে ২% ঋণ ৰেহাই লাভ কৰিব । লগতে ৰাস্তা-ঘাট , উৰণীয়া সেতু আৰু কৰিড’ৰ নিৰ্মাণৰ নামটো বহু টকা ধাৰ্য কৰা হৈছে।