26.8 C
Guwahati
Tuesday, July 27, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    ধুবুৰী জিলাৰ কভিড পৰিস্থিতিৰ বুজ ল’লে বিত্ত মন্ত্ৰী অজন্তা নেওগে

    ধুবুৰী জিলাৰ কভিড পৰিস্থিতিৰ বুজ ল’লে বিত্ত মন্ত্ৰী অজন্তা নেওগে

    মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে আজি ধুবুৰীত উপস্থিত হৈছে অসম চৰকাৰৰ বিত্ত আৰু সমাজ কল্যাণ বিভাগৰ মন্ত্ৰী অজন্তা নেওগ।

    দুপৰীয়াৰ ভাগত মন্ত্ৰী গৰাকীয়ে ধুবুৰী আৱৰ্ত ভৱনত উপস্থিত হোৱাৰ পিছত দিনৰ দুই বজাত ধুবুৰী জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত জিলা উপায়ুক্তৰ লগতে প্ৰশাসনীয় বিষয়া, আৰক্ষী অধীক্ষক আৰু ধুবুৰী জিলাৰ পাঁচটা সমষ্টিৰ বিধায়কৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়।

    বৈঠকত জিলাখনৰ কভিড পৰিস্থিতিৰ বুজ লোৱাৰ লগতে সামগ্ৰিক দিশত পৰ্যালোচনা কৰা হয়।

    ইপিনে বৈঠক সমাপ্ত হোৱাৰ পিছতেই এখন সংবাদমেলৰ আয়োজন কৰে জিলাৰ দায়িত্বত থকা মন্ত্ৰী অজন্তা নেওগে।

    সংবাদমেলত ধুবুৰী জিলাখনত অধিক হাৰত কৰ’ণাৰ সংক্ৰমণ হৈছে বুলি উল্লেখ কৰি জিলাখনত অক্সিজেনৰ অভাৱ থকাৰ বিপৰীতে আই চি ইউৰ ব্যৱস্থা নাই বুলি উল্লেখ কৰে মন্ত্ৰী গৰাকীয়ে।

    লগতে আন অভাৱ আৰু সমস্যা সম্পৰ্কে যাৱতীয় বুজ লৈ মুখ্যমন্ত্ৰীক এখন প্ৰতিবেদন দাখিল কৰি শীঘ্ৰেই সকলো সমস্যা সমাধানৰ আশ্বাস দিয়ে মন্ত্ৰী গৰাকীয়ে।

    আনহাতে নিজৰ বিভাগ দুটা সূচাৰুৰূপে পৰিচালনা কৰি এক বিশেষ স্থানলৈ লৈ যাব বুলিও দোহাৰে মন্ত্ৰী গৰাকীয়ে।

    আৰু পঢ়ক : সক্ৰিয় আৰক্ষী! ক’ভিড নীতি-নিয়ম ভংগ কৰাৰ বাবে লখিমপুৰত আৰক্ষীৰ লাঠীচালনা

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং