কেনে হ’ব আগন্তুক বাজেট? সংবাদমেল যোগে জনালে বিত্ত মন্ত্ৰী অজন্তা নেওগে

0
5375
কেনে হ’ব আগন্তুক বাজেট? সংবাদমেল যোগে জনালে বিত্ত মন্ত্ৰী অজন্তা নেওগে
ফাইল ফটো

কেনে হ’ব আগন্তুক বাজেট? সংবাদমেল যোগে জনালে বিত্ত মন্ত্ৰী অজন্তা নেওগে

ৰাজ্যৰ বিত্ত মন্ত্ৰী অজন্ত নেওগে আজি এখন সংবাদমেল সম্বোধন কৰি আগন্তুক বাজেট সম্পৰ্কে কিছু মত ব্যক্ত কৰে।

মন্ত্ৰী নেওগে আগন্তুক বাজেটত ৰাজ্যৰ আন্তঃগাঁথনি উন্নয়নৰ ওপৰত গুৰুত্ব দিয়া হ’ব বুলি সদৰী কৰে। ক’ভিডৰ পাছত ভাঙি যোৱা অৰ্থনীতি পুনৰুদ্ধাৰৰ বাবে বাজেটত বিশেষ পৰিকল্পনা গ্ৰহণ কৰা হ’ব বুলিও বিত্ত মন্ত্ৰী গৰকীয়ে কয়।

বাজেটত যিমান টকা ধাৰ্য্য কৰা হ’ব সেই টকা বিভাগ সমূহক সঠিকভাৱে খৰছ কৰিবলৈ বিত্ত বিভাগৰ পৰা কঠোৰ নিৰ্দেশ দিয়া হৈছে বুলিও মন্ত্ৰী নেওগে উল্লেখ কৰে।

এইবাৰ এখন পুৰ্ণাংগ বাজেট সদনৰ মজিয়াত দাখিল কৰা হ’ব বুলি অজন্তা নেওগে সংবাদমেলত মতপ্ৰকাশ কৰি উন্নয়নৰ বাবে টকা অহা আৰু মুকলি কৰি দিয়া দুয়োটা কাৰ্য্যৰ মাজত সামঞ্জস্য ৰাখি এইবাৰ বাজেট দাখিল কৰা হ’ব বুলিও কয়।

বন বিভাগৰ কৰ এতিয়াৰ পৰা এটা উৎসৰ জৰিয়তে কৰ্তন কৰা হ’ব আৰু ট্ৰেজাৰী অফিচত পোনপটীয়াভাৱে চালান দিব লাগিব বুলিও নেওগে লগতে কয়।

বাজেটৰ জৰিয়তে ৰাজ্যৰ উন্নয়নৰ বাবে ৰাজ্যত মুলধনী ব্যয় বৃদ্ধিৰ বাবে পৰিকল্পনা কৰা হৈছে আৰু মাইক্ৰ’ফাইনেন্সৰ ঋণ মাফৰ বাবে চৰকাৰৰ টাৰ্গেট মুঠ ২৪ লাখ মহিলা বুলিও সংবাদমেলত তথ্য দাঙি ধৰে বিত্ত মন্ত্ৰী গৰাকীয়ে।  

আৰু পঢ়ক : মাওবাদীৰ শক্তিশালী IED বিস্ফোৰণত CRPF-ৰ চাৰিজন জোৱান আহত