অৱশেষত মেঘালয়ত অসমৰ বাহনৰ প্ৰৱেশত অনুমতি প্ৰদান

0
119

অৱশেষত মেঘালয়ত অসমৰ বাহনৰ প্ৰৱেশত অনুমতি প্ৰদান

নিয়ন্ত্ৰণলৈ আহিছে মেঘালয়ৰ পৰিস্থিতি। পূৰ্বৰ দৰে মেঘালয়লৈ যাব পাৰিব অসমৰ সকলো যান-বাহন। ৬ দিন পাছত স্বাভাৱিক হৈছে অসম-মেঘালয় পৰিস্থিতিৰ । তাৰ পিছতেই অসমৰ বাহনসমূহ মেঘালয়লৈ প্ৰৱেশৰ অনুমতি দিছে আৰক্ষীয়ে। আৰক্ষী-প্ৰশাসনে মেঘালয়লৈ যোৱা পথ মুকলি কৰি দিছে ।

যোৰাবাটেদি অসমৰ পঞ্জিয়ন ভূক্ত বাহন সমূহ মেঘালয়ত প্ৰৱেশৰ অনুমতি দিছে। এই ৬ টাকৈ দিনে আৰক্ষী প্ৰশাসনৰ লোক সকলে যোৰাবাটৰ সেই স্থানত অসমত পঞ্জিয়ন ভুক্ত প্ৰতিখন বাহনক মেঘালয়লৈ যাবলৈ বাধা দিছিল।

এই বাহন সমূহৰ বাহিৰে মেঘালয়ৰ পঞ্জিয়ন কৰা বাহন সমূহক হে মেঘালয়লৈ যাবলৈ অনুমতি দিছিল। আৰু এতিয়া পৰিস্থিতি সাম কটাত পুনৰ মেঘালয়লৈ অসমৰ বাহন সমূহ যাবলৈ অনুমতি প্ৰদান কৰিছে আৰক্ষী প্ৰশাসনে। আজিৰ পুৱাৰ ভাগটো প্ৰথমে বাহন সমূহ ঘুৰাই পঠাইছিল।

কিন্তু অৱশেষত অসমৰ বাহন সমূহ মেঘালয়ত প্ৰৱেশ কৰিব দিছে।ইতিমধ্যে যোৰাবাটে দি মেঘালয়ৰ প্ৰৱেশ দ্বাৰত যি সমূহ বেৰিকেট সমূহ আৰক্ষীয়ে দি থৈছিল এতিয়া সকলো বেৰিকেট সমূহ আতৰাই দিছে।

কিন্তু সাময়িক ভাৱেহে খুলি দিয়া হৈছে। ইয়াৰ পিছত পৰিস্থিতি চাই হে সিদ্ধান্ত লোৱা হ’ব।