মূৰৰ চুলি খাইছিল ১৪ বছৰ বয়সলৈকে, অৱশেষত পেটৰ পৰা ওলাল ৩ কেজি ওজনৰ চুলিৰ এটা গোট

0
1134

মূৰৰ চুলি খাইছিল ১৪ বছৰ বয়সলৈকে, অৱশেষত অন্য খাদ্যৰ কাৰণে ঠাই নোহোৱা হৈ পেটৰ পৰা ওলাই আহিল ৩ কেজি ওজনৰ চুলিৰ এটা গোট

অস্ত্ৰোপচাৰৰ পিছত এগৰাকী ছোৱালীৰ পেটৰ পৰা ৩ কেজি ওজনৰ চুলি(চুলিৰ গোট)লিয়াই দিয়া হয়। এই ছোৱালীজনীয়ে চুলি ছিঙি তাৰ পিছত খাই খাই প্ৰায় ই টান হৈ পৰিছেগৈ। চিকিৎসকে জনোৱা অনুসৰি, ছোৱালীজনীৰ পেটত ইমান চুলি জমা হৈছে যে অন্য খাদ্যৰ কাৰণে ঠাই আৰু বাকী নাইন থাকা।

১৪ বছৰীয়া কিশোৰীৰ পেটৰ পৰা ৩ কেজি ওজনৰ চুলি আঁতৰাইছে চিকিৎসকে। এটা ৰোগ (পিকা)ৰ বাবে এই ছোৱালীজনীয়ে আগতে নিজৰ চুলি নিজেই খাইছিল। পেটত বহু চুলি জমা হোৱাৰ বাবে তেওঁৰ অৱস্থা অতি ভয়াৱহ হৈ পৰিছিল। যাৰ কাৰণে তেওঁক ডাক্তৰৰ ওচৰলৈ নিব লগা হৈছিল।

সংবাদ মাধ্যমৰ তথ্য অনুসৰি এই বিষয়টো চীনৰ শ্বানছি প্ৰদেশৰ সৈতে জড়িত। চলিত সপ্তাহৰ আৰম্ভণিতে ইয়াৰ এগৰাকী ছোৱালীৰ পেটৰ পৰা ৩ কিলোগ্ৰাম ওজনৰ হেয়াৰবল (চুলিৰ গোট) এটা উলিয়াই দিয়া হৈছিল।

দুঘণ্টাৰ অস্ত্ৰোপচাৰৰ অন্তত চিকিৎসকে ছোৱালীজনীৰ পেটৰ পৰা প্ৰায় ৩ কেজি ওজনৰ চুলিৰ গোলক এটা আঁতৰাই পেলায়।

এনেদৰে চুলি খোৱাৰ নিচাটোকে চিকিৎসকে পিকা নাম দিছে। এই ৰোগত অখাদ্য বস্তু খোৱাৰ অস্বাভাৱিক হেঁপাহ জাগ্ৰত হয়। শিশু আৰু কিশোৰ-কিশোৰীৰ ক্ষেত্ৰত ই বেছিকৈ হোৱা দেখা যায়। বৰ্তমান ছোৱালীজনীৰ অৱস্থা ঠিকেই আছে আৰু সুস্থ হৈ উঠিছে।

ছোৱালীজনীৰ দাদা-আইতাকে প্ৰথমে তাইৰ অৱস্থাৰ প্ৰতি গুৰুত্ব নিদিলে যদিও অৱস্থা বেয়া হ’লেই ছোৱালীজনীক চিকিৎসালয়লৈ লৈ যায়। তাতে দেখা গ’ল যে ছোৱালীজনীৰ পেটত বহুত চুলি আছে।