২০২০ত গুৱাহাটী ভৰি পৰিব বলীউডৰ নামী-দামী তাৰকাৰে। অমিতাভ বচ্চন, শ্ৱাহৰুখ খান, কেটৰীনা কাঈফ আৰু দিপীকা পাডুকণৰ লগতে বহুকেইগৰাকী জনপ্ৰিয় অভিনেতা-অভিনেত্ৰী আৰু প্ৰযোজক আৰু পৰিচালকে ভৰি দিব মহানগৰীত।
অসম পৰ্যটনৰ অধিক প্ৰচাৰৰ বাবে ২০২০ চনত বলীউডৰ সৰ্ববৃহৎ এৱাৰ্ড শ্ৱ’ ‘Filmfare Award’ অনুষ্ঠিত কৰিব বিচাৰিছে পৰ্যটন বিভাগে। টাইমছ গ্ৰূপে এই সন্দৰ্ভত ইতিবাচক সঁহাৰি প্ৰদান কৰে। শনিবাৰে এই কথা জনাই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।