কৰ’ণাৰ বিৰুদ্ধে যুঁজিবলৈ এইবাৰ BMCক ৩ কোটি টকা প্ৰদান অক্ষয় কুমাৰৰ

কৰ’ণা ভাইৰাছৰ যুঁজত নিয়োজিত কৰ্মীসকলৰ বাবে PPE, মাস্ক আৰু ৰেপিড টেষ্টিং কিট ক্ৰয়ৰ বাবে এই বৰঙনি আগবঢ়াইছে জনপ্ৰিয় অভিনেতাগৰাকীয়ে

0
28
ফাইল ফটো

কৰ’ণা ভাইৰাছৰ বিৰুদ্ধে যুঁজত নামি পৰিছে অক্ষয় কুমাৰ।প্ৰধান মন্ত্ৰীৰ সাহায্য পুঁজিলৈ ২৫ কোটি টকা আগবঢ়োৱাৰ পিছত এইবাৰ BMCক( Brihanmumbai Municipal Corporation)৩ কোটি টকা প্ৰদান কৰিছে বলীউডৰ জনপ্ৰিয় অভিনেতাগৰাকীয়ে। কৰ’ণা ভাইৰাছৰ যুঁজত নিয়োজিত কৰ্মীসকলৰ বাবে PPE, মাস্ক আৰু ৰেপিড টেষ্টিং কিট ক্ৰয়ৰ বাবে এই বৰঙনি আগবঢ়াইছে অক্ষয় কুমাৰে।অভিনেতাগৰাকীৰ এই সাহায্যৰ বাতৰি টুইটাৰত প্ৰকাশ কৰে বাণিজ্যিক বিশ্লেষক তৰণ আদৰ্শে।

সাহায্যৰ বাহিৰেও অক্ষয় কুমাৰে প’ষ্ট কৰি আহিছে সজাগতামূলক ভিডিঅ’ আৰু বাৰ্তা।অক্ষয় কুমাৰে লগতে নিজৰ ফটো টুইটাৰত শ্বেয়াৰ কৰি কৈছিল-”মই মোৰ মোৰ পৰিয়ালৰ তৰফৰ পৰা আৰক্ষী, নগৰ নিগমৰ কৰ্মচাৰী, চিকিৎসক, নাৰ্চ, চৰকাৰী বিষয়া তথা এনেধৰণৰ কামত নিয়োজিত লোকসকলক অন্তৰৰ পৰা কৃতজ্ঞতা প্ৰকাশ কৰিছো।”

Photo Credit: Kalinga TV