কিয় ফুটবল বিশ্বকাপৰ গ্ৰুপ পৰ্যায়ৰ অন্তিম দুখন মেচ একে সময়তে অনুষ্ঠিত হয়? জানক কাৰণ

0
10320
প্ৰতিনিধিত্বমূলক চিত্ৰ

ফিফা বিশ্বকাপৰ উত্তেজনা এতিয়া তুংগত। ২০ নৱেম্বৰৰ পৰা কাটাৰত আৰম্ভ হোৱা প্ৰতিযোগিতাখনৰ চূড়ান্ত মেচখন ১৮ ডিচেম্বৰত অনুষ্ঠিত হ’ব। বৰ্তমান ৩২ টা দলৰ মাজত গ্ৰুপ পৰ্যায়ৰ খেল অনুষ্ঠিত হৈ আছে। সোমবাৰলৈকে সকলো দলে দুখনকৈ মেচ খেলিছে।

২৯ নৱেম্বৰৰ পৰা অৰ্থাত আজিৰ পৰা আৰম্ভ হ’ব গ্ৰুপ পৰ্যায়ৰ সকলো দলৰ অন্তিমখন খেল। গ্ৰুপ পৰ্যায়ৰ চাৰিখন মেচ বিভিন্ন সময়ত আৰম্ভ হৈছিল যদিও এতিয়া এনে নহ’ব।

একে সময়তে এটা গ্ৰুপৰ দুখন মেচ অনুষ্ঠিত হ’ব। ভাৰতীয় সময় অনুসৰি এটা গ্ৰুপৰ শেষৰ দুখন মেচ নিশা ৮:৩০ বজাৰ পৰা অনুষ্ঠিত হ’ব। একে সময়তে দ্বিতীয় গ্ৰুপৰ শেষৰ দুয়োখন খেল নিশা ১২:৩০ বজাৰ পৰা অনুষ্ঠিত হ’ব।

এটা গ্ৰুপৰ শেষৰ দুখন মেচ একে সময়তে অনুষ্ঠিত কৰাৰ আছে এক আমোদজনক কাৰণ।

উল্লেখ্য যে, ১৯৮২ চনত স্পেইনত আয়োজন কৰা হৈছিল বিশ্বকাপ। ১৯৮২ চনৰ ২৫ জুনত পশ্চিম জাৰ্মানী আৰু অষ্ট্ৰিয়াৰ মাজত গ্ৰুপ ৰাউণ্ডৰ অন্তিমখন মেচ অনুষ্ঠিত হৈছিল। এই মেচখন ফিক্সিং কৰাৰ অভিযোগ উত্থাপন হৈছিল।

প্ৰকৃততে, ১৯৮২ চনৰ বিশ্বকাপত আলজেৰিয়াই সুন্দৰ আৰম্ভণি কৰিছিল। গ্ৰুপৰ প্ৰথমখন খেলত পশ্চিম জাৰ্মানীক ২-১ গ’লত পৰাস্ত কৰে আলজেৰিয়াই। কিন্তু দ্বিতীয়খন মেচত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ০-২ গ’লত পৰাস্ত হয়। তাৰ পাছত তৃতীয়খন মেচত চিলিৰ বিৰুদ্ধে ৩–২ গ’লত জয়লাভ কৰে।

আলজেৰিয়াই এখন বিশ্বকাপত দুখন মেচত জয়ী হোৱা প্ৰথম আফ্ৰিকান দল হিচাপে পৰিগণিত হয়।

আলজেৰিয়া আৰু চিলিৰ মাজত অনুষ্ঠিত হোৱা মেচখনৰ পিছদিনা আছিল পশ্চিম জাৰ্মানী আৰু অষ্ট্ৰিয়াৰ মাজত মেচ। প্ৰি-কোৱাৰ্টাৰ ফাইনেললৈ অগ্ৰসৰ হোৱাৰ বাবে দুয়োটা দলৰ সমীকৰণটো স্পষ্ট আছিল।

যদিহে জাৰ্মান দলটোৱে অষ্ট্ৰিয়াক এটা বা দুটা গ’লৰ ব্যৱধানত পৰাস্ত কৰে তেন্তে দুয়োটা দল আগবাঢ়ি যাব আৰু আলজেৰিয়া বাহিৰ হ’ব। একে সময়তে যদি পশ্চিম জাৰ্মানীয়ে ৪-০ বা তাতকৈ অধিক ব্যৱধানত জয়লাভ কৰে তেন্তে জাৰ্মানীৰ লগত আলজেৰিয়া নকআউটলৈ অগ্ৰসৰ হ’ব।

আলজেৰিয়াৰ দলটোৱে বিচাৰিছিল যে পশ্চিম জাৰ্মানীয়ে ৪-০ বা তাতকৈ অধিক ব্যৱধানত জয়ী হওক। কিন্তু মেচখনত পশ্চিম জাৰ্মানীয়ে ১-০ গ’লত জয়লাভ কৰাত অষ্ট্ৰিয়াৰ সৈতে পৰৱৰ্তী ৰাউণ্ডলৈ উন্নীত হয়।

ইয়াৰ পিছতে জাৰ্মানী আৰু অষ্ট্ৰিয়াৰ মাজৰ মেচখন ফিক্স হোৱাৰ অভিযোগ উত্থাপন হৈছিল।

এই অভিযোগৰ তদন্ত কৰি ফিফাই ৰায় দিয়ে যে কোনো দলে কোনো নিয়ম ভংগ কৰা নাই আৰু কোনো ফিক্সিং হোৱা নাই।

কিন্তু এই মেচৰ পিছত ফিফাই ফৰ্মেটত ডাঙৰ পৰিৱৰ্তন ঘটায়। প্ৰতিটো গ্ৰুপৰ শেষৰ দুখন মেচ একে সময়তে অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লয় যাতে কোনো দলে ভুল সুবিধা লোৱাৰ সুযোগ নাপায়।

তেতিয়াৰ পৰা এই নিয়ম চলি আহিছে।