
কাটাৰত অনুষ্ঠিত হৈ থকা ফিফা বিশ্বকাপত আৰ্জেণ্টিনাৰ মহান ফুটবলাৰ ডিয়েগো মাৰাডোনাৰ থিম সম্বলিত এখন বিমান দোহা বিমান বন্দৰত দেখা গৈছিল।
উল্লেখ্য যে, মাৰাডোনাৰ মৃত্যু বাৰ্ষিকী আছিল ২৫ নৱেম্বৰত। আচলতে এই বিমানখনত মাৰাডোনাৰ অধিকাংশ বিশেষ বস্তু সংগ্ৰহ কৰি সংগ্ৰহালয়ৰ ৰূপত প্ৰস্তুত কৰা হৈছে।
এই বিমানখন চাবলৈ এতিয়া অনুৰাগীৰ যথেষ্ট ভিৰ দেখা পোৱা গৈছে।
ফিফা বিশ্বকাপৰ ৰোমাঞ্চ এতিয়া শীৰ্ষত। ইতিমধ্যে কাটাৰ বিশ্বকাপৰ ৬ দিন সম্পূৰ্ণ হৈছে।
উল্লেখ্য যে, শনিবাৰে নিশা আৰ্জেণ্টিনা আৰু মেক্সিকোৰ মাজত অনুষ্ঠিত মেচখন মেছিৰ বাবে অতি বিশেষ আছিল, কিয়নো ফিফা বিশ্বকাপত লিয়নেল মেছিৰ এইখন আছিল ২১ সংখ্যক মেচ।
এই মেচখনৰ জৰিয়তে তেওঁ আৰ্জেণ্টিনাৰ সৰ্বকালৰ মহান ডিয়েগো মাৰাডোনাৰ ২১খন মেচৰ অভিলেখ স্পৰ্শ কৰে।
ইফালে বিশ্বকাপত লিয়নেল মেছিয়ে শনিবাৰে অষ্টমটো গ’ল কৰিবলৈ সক্ষম হয়।
উল্লেখ্য যে, আৰ্জেণ্টিনাই গ্ৰুপ চিৰ দ্বিতীয় স্থানত আছে। আৰ্জেণ্টিনাই দুখন মেচ খেলিছে, এখনত জয়ী আৰু এখন পৰাস্ত হৈছে। আৰ্জেণ্টিনাই মুঠ ৩ পইণ্ট লাভ কৰাৰ বিপৰীতে পোলেণ্ডে ৪ পইণ্টেৰে গ্ৰুপৰ শীৰ্ষত আছে।