শ্বিলঙত অসমৰ কেব চালকক হাৰাশাস্তি ! হোটেলৰ পৰা উলিয়াই দিলে অসমৰ বাহন

0
127

শ্বিলঙত অসমৰ কেব চালকক হাৰাশাস্তি ! হোটেলৰ পৰা উলিয়াই দিলে অসমৰ বাহন

শ্বিলঙত হাৰাশাস্তিৰ সন্মুখীন হৈছে বহু কেব চালক আৰু পৰ্যটক । পৰ্যটক সকলে শ্বিলঙৰ পৰা আহি তেওঁলোকৰ লগত হোৱা আতিশায্যৰ কথা বৰ্ণনা কৰিছে। অসমৰ পৰা যোৱা মেঘালয়লৈ যোৱা একাংশ কেব চালক সকলে দুৰবস্থাৰ সন্মুখিন পিছত তেওঁলোকে এতিয়া অধিক সংকিত হৈ পৰিছে।

জানিব পৰা মতে শ্বিলঙত এতিয়াও বহু পৰ্যটক আৰু অসমৰ বহু বাহন আৰু চালক আৱদ্ধ হৈ আছে। প্ৰায় ডেৰশ-দুশ বাহন তাত আৱদ্ধ হৈ আছে। কেব চালক সকলে অভিযোগ কৰিছে যে শ্বিলঙত তেওঁলোকক মেঘালয় আৰক্ষিয়েও কোনো ধৰণৰ সহায় কৰা নাছিলে।

কেৱল সেয়াই নহয় অসমৰ পঞ্জীয়ন ভুক্ত বাহন সমূহক হোটেলৰ পৰাও উলিয়াই দিয়া হৈছিল।বৰ্তমান লৈকে মেঘালয়ত ৬ খনকৈ বাহন জ্বলাই দিয়া হৈছে। শ্বিলঙত ভয় সংকাৰ মাজত বহু পৰ্যটক। এতিয়া নিৰাপত্তাহীনতাত ভুগিছে এই পৰ্যটক সকল।

মেঘালৰ পৰা অহা বাহন সমূহ আহিব দিছে যদিও অসমৰ পৰা যোৱা বাহন সমূহক যোৰাবাটৰ পৰাই শ্বিলঙলৈ যোৱাত আজিও বাধা প্ৰদান কৰিছে। এজন কেব চালকে কয় যে শ্বিলঙৰ পৰা তেওঁৰ বাহন খনত মেঘালয়ৰ নম্বৰ প্লেট লগাই অসমত উপস্থিত হৈছে।

কিয়নো অসমৰ নম্বৰ প্লেট দেখাৰ লগে লগেই মেঘালয়ৰ লোক সকলে আক্ৰমণৰ লক্ষ্য কৰি লয়। সেয়েহে তেওঁলোকে নিজৰ পৰিচয় লোকোৱাই শ্বিলঙৰ পৰা অসমলৈ আহিব লগা হৈছে।