ভাৰতৰ বিৰুদ্ধে ‘মিছলীয়া’ পাকিস্তানৰ আন এক অপপ্ৰচাৰ

জম্মু-কাশ্মীৰ প্ৰসংগত প্ৰতিটো ক্ষেত্ৰত মুখথেকেচা পাকিস্তানে এতিয়া সহায় লৈছে ভুৱা বাতৰিৰ

0
315

জম্মু-কাশ্মীৰ প্ৰসংগত প্ৰতিটো ক্ষেত্ৰত মুখথেকেচা পাকিস্তানে এতিয়া সহায় লৈছে ভুৱা বাতৰিৰ। পাক প্ৰধানমন্ত্ৰী ইমৰান খানেও হওক বা পাকিস্তানৰ আন মন্ত্ৰীয়েও হওক সকলোৱে এতিয়া ভাৰতৰ বিৰুদ্ধে ছচিয়েল মিডিয়াত চলাই আছে অপপ্ৰচাৰ। কিন্তু এইবোৰ কৰিও নিজেই ভুগিবলগীয়া হৈছে পাকিস্তানে। দেওবাৰে টুইটাৰত এক ফটো ছেয়াৰ কৰিছিল, যিখন ফটোত প্ৰকাশ পোৱা পাকিস্তানৰ চতুৰালি ধৰা পেলালে ভাৰতীয় টুইটাৰ ব্যৱহাৰকাৰীয়ে।

এক স্কীনশ্বট টুইটাৰত প্ৰকাশ কৰিছিল পাকিস্তানৰ মন্ত্ৰী ফৱাদ চৌধৰীয়ে, যিখন স্কীনশ্বটত দেখুওৱা হৈছিল প্ৰধানমন্ত্ৰীৰ সৈতে কথা পতা বুলি। কিন্তু সেই ফটোখন সম্পূৰ্ণ ভুৱা। তাত দেখা গৈছে বেলুচিস্তানৰ নাগৰিকৰ পৰিচয় দি এজনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ প্ৰেৰণ কৰিছে মেছেজ। আৰু পঠিওৱা হৈছিল উইং কমাণ্ডাৰ অভিনন্দনৰ ছবি, যিখন ছবি পাকিস্তানী সেনাই কৰায়ত্ত কৰা অভিনন্দনৰ ছবি।