“মই ৩ বছৰ বয়সতে যৌন নিৰ্যাতনৰ বলি হৈছিলো।”-অভিনেত্ৰীৰ বিস্ফোৰক মন্তব্য

ডংগল শীৰ্ষক জনপ্ৰিয় বলীউড ছবিত অভিনীত অভিনেত্ৰী ফাটিমা ছানা শ্বেখৰ বিস্ফোৰক মন্তব্য।শৈশৱতে যৌন নিৰ্যাতনৰ বলি হৈছিল ফাটিমা।

0
285

দেশজুৰি যৌন নিৰ্যাতন তথা ধৰ্ষণৰ ঘটনা বাঢ়ি অহাৰ লগে লগে সৰৱ হৈ উঠিছে নাৰী।

ডংগল শীৰ্ষক জনপ্ৰিয় বলীউড ছবিত অভিনীত অভিনেত্ৰী ফাটিমা ছানা শ্বেখৰ বিস্ফোৰক মন্তব্য।শৈশৱতে যৌন নিৰ্যাতনৰ বলি হৈছিল ফাটিমা।

অভিনেত্ৰীগৰাকীয়ে নিজৰ বোলছবিসমূহৰ সফলতাৰ সন্দৰ্ভত পিংকভিল্লাত এটা সাক্ষাৎকাৰত কয়-“মই ৩ বছৰ বয়সতে যৌন নিৰ্যাতনৰ বলি হৈছিলো।ইয়াৰ পৰা আপোনালোকে নিশ্চয় বুজিব পাৰিছে লিংগবাদ কিমান গভীৰতালৈ গৈ আছে। এইখন আমাৰ বাবে এখন যুদ্ধৰ দৰে হয় যিখন আজি সদায়েই যুঁজিব লাগে।প্ৰতিগৰাকী মহিলাই , প্ৰত্যেকদিনেই এই যুদ্ধখনৰ লগত মোকাবিলা কৰিব লাগে।”

লগতে অভিনেত্ৰীগৰাকীয়ে কয়-“মই এনেকুৱা মানুহো লগ পাইছো যোনে মোক অকল যৌন কৰ্মৰ দ্বাৰা চাকৰি পাই বুলি পৰামৰ্শ দিছিল। মই মোৰ চাকৰি হেৰুৱাব লগীয়াও হৈছে।”

শেহতীয়াকৈ অভিনেত্ৰীগৰাকীয়ে অনুৰাগ বাসুৰ দ্বাৰা পৰিচালিত “সুৰজ মে মংগল ভাৰী” ছবিখনৰ মুক্তিৰ বাবে পূৰ্ণদ্যোমে কৰ্মৰত হৈ আছে। লগতে তেওঁ নেটফ্লিক্স ৰ লুডু চিৰিজখনৰ বাবেও প্ৰস্তাৱ লাভ কৰিছে বুলি জানিবলৈ দিয়ে।