28 C
Guwahati
Saturday, October 1, 2022
More

    শিৱসাগৰত মৰ্মান্তিক ঘটনা ! দুই পুত্ৰসহ পিতৃয়ে পান কৰিলে বিষ

    শিৱসাগৰত মৰ্মান্তিক ঘটনা ! দুই পুত্ৰসহ পিতৃয়ে পান কৰিলে বিষ

    শিৱসাগৰ নগৰৰ সমীপৰ বগীদ’ল ডিমৌ কিনাৰত এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। ৰহস্যজনকভাৱে অৱস্থাত উদ্ধাৰ কৰা হৈছে পিতা-পুত্ৰৰ মৃতদেহ।

    বুধবাৰে নিশা বিষ সেৱন কৰাৰ পিছত মৃত্যু হয় পিতৃ মৃদুল সন্দিকৈ আৰু ৮ বছৰীয়া পুত্ৰ পিণ্টু সন্দিকৈ । আনহাতে ১০ বছৰীয়া পুত্ৰক সংকটজনক অৱস্থাত নিশাই শিৱসাগৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰাই যদিও অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে।

    আত্মহত্যাৰ কাৰণ সঠিককৈ জানিব পৰা হোৱা নাই যদিও পাৰিবাৰিক অশান্তিৰ বাবে এনে ঘটনা সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে।

    অৱশ্যে ঘটনাৰ সময়ত ঘৰত নাছিল মৃদুল সন্দিকৈৰ পত্নী আৰু কন্যা। পিতা-পুত্ৰৰ মৃতদেহ দুটা মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰাৰ লগতে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং