35 C
Guwahati
Tuesday, October 12, 2021
More

    ১০ বছৰীয়া পুত্ৰৰ সন্মুখতে মৰিয়াই মৰিয়াই নৃশংস ভাৱে হত্যা পিতৃক, কনমানি পুত্ৰৰ বিস্ফোৰত স্বীকাৰোক্তি

    ১০ বছৰীয়া পুত্ৰৰ সন্মুখতে মৰিয়াই মৰিয়াই নৃশংস ভাৱে হত্যা পিতৃক, কনমানি পুত্ৰৰ বিস্ফোৰত স্বীকাৰোক্তি। নগৰবেৰাৰ টুপামাৰীৰ শ্বহিদুল ইছলাম হত্যাকাণ্ডৰ বিস্ফোৰক তথ্যই জোকাৰণিৰ সৃষ্টি কৰিছে অঞ্চলটোত।

    দিন বাগৰাৰ লগে নগৰবেৰাৰ টুপামাৰীৰ শ্বহিদুল ইছলাম হত্যাকাণ্ডৰ ন ন বিস্ফোৰক তথ্য পোহৰলৈ আহিছে। যোৱা ৪ অক্টোবৰৰ নিশা সংঘটিত এই নৃশংস হত্যাকাণ্ড সন্দৰ্ভত মৃত শ্বহিদুল ইছলামৰ ১০ বছৰীয়া পুত্ৰৰ বিস্ফোৰক স্বীকাৰোক্তিয়ে জোকাৰণিৰ সৃষ্টি কৰিছে টুপামাৰী অঞ্চলত ।

    মৃত শ্বহিদুল ইছলামৰ ১০ বছৰীয়া পুত্ৰৰ সন্মুখতে মৰিয়াই মৰিয়াই নৃশংস ভাৱে হত্যা কৰা হৈছিল পিতৃক। হত্যাৰ বলি হোৱা শ্বহিদুল ইছলামৰ ১০ বছৰীয়া পুত্ৰৰ ভাষ্য মতে সিদিনা নিশা শ্বহিদুল ইছলামৰ পত্নী ৰাশিদা খাতুনৰ সহযোগত ৰাশিদা খাতুনৰ পৰকীয়া প্ৰেমিক মহিদুল ইছলামৰ লগতে জাকিৰ হুছেইন, বিল্লাল হুছেইন, মুছলিম মুন্সি, জামিৰণ নেচা আৰু ফজৰ আলীয়ে মৰিয়াই মৰিয়াই হত্যা কৰিছিল শ্বহিদুল ইছলামক।

    প্ৰাণ ৰক্ষা কৰিবলৈ অসহায় শ্বহিদুল ইছলামে ১০ বছৰীয়া পুত্ৰক কৈছিল যদিও দানৱৰূপী মাতৃ ৰাশিদা খাতুনৰ বাবেই সেয়া সম্ভৱ হোৱা নাছিল।

    হত্যাকাৰী ৰাশিদা খাতুন, মহিদুল ইছলাম আৰু জাকিৰ হুছেইনক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছে। ইপিনে পিতৃ হত্যাৰ এই বিস্ফোৰক তথ্য আৰক্ষীৰ সন্মুখত ব্যক্ত কৰাৰ পাছতেই হত্যাকাণ্ডৰ লগত জড়িত আন অভিযুক্ত সকলকো গ্ৰেপ্তাৰৰ বাবে অভিযান অব্যাহত ৰাখিছে আৰক্ষীয়ে।

    আনহাতে এই নৃশংস হত্যাকাণ্ডৰ আন কেতবোৰ তথ্য লাভ কৰিছে আৰক্ষীয়ে। উল্লেখ্য যে, এই নৃশংস হত্যাকাণ্ডত জড়িত অভিযুক্তৰ ৫ টা গৃহৰ লগতে এখন চাৰি চকীয়া বাহনো জ্বলাই দিছিল উত্তেজিত জনতাই। দোষীৰ বিৰুদ্ধে কঠোৰ শাস্তিৰ দাবী জনাইছে ৰাইজে।

    Input and Photo-

    আৰু পঢ়ক : গুজৰাটত নিৰুদ্দেশ দলগাৱঁৰ যুৱক,বিগত ৮ মাহ ধৰি নাই কোনা খা-খবৰ

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং