
দক্ষিণ কামৰূপৰ মিৰ্জাত সভ্য সমাজক লজ্জানত কৰা ঘটনা সংঘটিত হ’ল। পাষণ্ড পিতৃয়ে ৭ বছৰীয়া কন্যাক ধৰ্ষণ কৰাৰ অভিযোগ পত্নীৰ। লোকজনৰ বিৰুদ্ধে পলাশবাৰী আৰক্ষী থানাত গোচৰ ৰুজু কৰিলে পত্নী তথা কন্যাৰ মাতৃয়ে। পলাশবাৰী আৰক্ষী থানাত 19/434 নম্বৰত ৰুজু হোৱা গোচৰৰ ভিত্তিত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে লোকজনক। ধৃত লোকজনৰ নাম প্ৰনৱ দাস। লোকজন ধুপধাৰা কথাকঠী বিদ্যালয়ৰ শিক্ষক তথা বিদ্যালয়সমূহৰ CRCৰূপে কৰ্মৰত।
লোকজন মিৰ্জাত দ্বিতীয় পত্নী আৰু কন্যাৰ সৈতে ভাড়াতীয়াৰূপে বাস কৰি আহিছিল। ভাড়াঘৰতে কন্যাক ধৰ্ষণ কৰাৰ অভিযোগ পাষণ্ড পিতৃৰ বিৰুদ্ধে। লোকজনক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ।