
নৃশংস হত্যাকাণ্ড ! পিতৃৰ দাৰ ঘাপত প্ৰাণ গ’ল পুত্ৰৰ
কামপুৰত চাঞ্চল্যকৰ হত্যাকাণ্ড ৷ পিতৃৱে হত্যা কৰিলে পুত্ৰৰ। নগাঁৱৰ বৰকʼলাত এটা চাঞ্চল্যকৰ হত্যাকাণ্ড সংঘটিত হৈছে।জানিবলৈ পোৱা মতে দীৰ্ঘদিন ধৰি সুৰাপাণ কৰি অতিষ্ঠ কৰি আহিছিল নিহত পুত্ৰই ৷
বৃহস্পতিবাৰে নিশাও সুৰাপান কৰি পিতৃক দাৰে আক্ৰমণ কৰে পুত্ৰই ৷ পাছত একেখন দাৰেই পিতৃয়ে ঘপিয়াই ঘপিয়াই হত্যা কৰে নিজ পুত্ৰক।
নিহত পুত্ৰ জনৰ নাম বিজেন্দ্ৰ সিং আৰু হত্যাকাৰী পিতৃৰ নাম চামচেৰ সিং বুলি জানিব পৰা গৈছে ৷
ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হৈ সমগ্ৰ ঘটনা তদন্ত কৰি হত্যাকাৰী পিতৃক আটক কৰিছে ৷
Input- Madhab bhuyan