26 C
Guwahati
Monday, September 26, 2022
More

    জঘন্য হত্যাকাণ্ড! প্ৰেমিকৰ সৈতে বিয়া হম বুলি কোৱাৰ বাবেই পিতৃয়ে ডিঙি কাটিলে জীয়ৰীৰ

    জঘন্য হত্যাকাণ্ড! প্ৰেমিকৰ সৈতে বিয়া হম বুলি কোৱাৰ বাবেই পিতৃয়ে ডিঙি কাটিলে জীয়ৰীৰ

    উত্তৰ প্ৰদেশৰ মেৰঠত এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। প্ৰেমিকৰ সৈতে বিয়া হ’বলৈ জোৰ কৰাৰ কাৰণেই দেউতাকে কাটিলে কন্যাৰ মূৰ।

    আৰক্ষীয়ে দিয়া তথ্য অনুসৰি লিচাডিগেটৰ বাসিন্দা শ্বাহিদে তেওঁৰ জীয়ৰীয়ে যি জন ল’ৰাৰ লগত প্ৰেমৰ সম্পৰ্কত আছিলে সেই যুৱকজনৰ সৈতে শ্বাহিদে জীয়ৰিক বিয়া দিবলৈ মান্তি হোৱা নাছিলে।

    কিন্তু যুৱতী গৰাকীয়ে সেইজন যুৱককে বিয়া কৰাম বুলি জোৰ দি থকাৰ বাবে ঘৰত কোনো নথকাৰ সুযোগ লৈ চোকা অস্ত্ৰৰে ছানিয়াৰ ডিঙি কাটি হত্যা কৰে।

    হত্যাকাণ্ডটোত মৃত যুৱতী গৰাকীৰ মাতৃও জৰিত হৈ আছিলে। পিতৃ শ্বাহিদে মৃতদেহটোৰ পৰা তেজ উলোৱা বন্ধ হোৱাত এটা প্লাষ্টিকৰ বস্তাত মৃতদেহটো ভৰাই ওচৰৰ কবৰস্থান খনৰ ৰাস্তাত দলিয়াই দিয়ে।

    তাৰ পিছত মূৰটো এখন ঠেলাত লৈ মাধবপুৰৰ এটা নলাত পেলাই দিয়ে। এই হত্যাকাণ্ডটোৰ হত্যাকাৰীক ধৰিবৰ বাবে আৰক্ষীৰ বাবে প্ৰত্যাহ্বান আছিল কিয়নো মৃতদেহটোৰ মূৰটো নাছিল।

    কিন্তু বহু তদন্ত কৰাৰ পিছত শুক্ৰবাৰে আৰক্ষীয়ে হত্যাকাৰী শ্বাহিদ আৰু তেওঁৰ পত্নীক গ্ৰেপ্তাৰ কৰে।ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে এতিয়াও তদন্ত কৰি আছে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং