পত্নী পুত্ৰৰ মৃত্যুৰ পিছত শহুৰেকৰ সিদ্ধান্ত ! ২৮ বছৰীয়া বোৱাৰীক বিয়া কৰাই ভাইৰেল হ’ল বৃদ্ধ

0
1647

পত্নী পুত্ৰৰ মৃত্যুৰ পিছত শহুৰেকৰ সিদ্ধান্ত ! ২৮ বছৰীয়া বোৱাৰীক বিয়া কৰাই ভাইৰেল হ’ল বৃদ্ধ

গোৰখপুৰ জিলাৰ পৰা এনেকুৱা এটা ঘটনা পোহৰলৈ আহিছে,যাৰ বিষয়ে শুনি এতিয়া সকলো আচৰিত হৈছে। দৰাচলতে, গোৰখপুৰত বাস কৰা এজন ৭০
বছৰীয়া বৃদ্ধ শহুৰেকে তেওঁৰ ২৮ বছৰীয়া বোৱাৰীক এটা মন্দিৰত বিয়া কৰাইছে।

৭০ বছৰীয়া কৈলাশ যাদৱৰ এটা মন্দিৰত তেওঁৰ ২৮ বছৰীয়া বোৱাৰী পূজাৰ সৈতে বিবাহপাশত আৱদ্ধ হোৱাৰ এখন ফটো সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। জানিব পৰা মতে বৰহলগঞ্জ কোতৱালী আৰক্ষী থানা অঞ্চলৰ অন্তৰ্গত চাপিয়া উমৰাও গাঁৱৰ বাসিন্দা ৭০ বছৰীয়া কৈলাশ যাদৱে তেওঁৰ পুত্ৰৰ পত্নী অৰ্থাৎ ২৮ বছৰীয়া বোৱাৰী পূজাক মন্দিৰত বিয়া কৰাইছে।

বৰ্তমান, বৃদ্ধসকলক বিবাহপাশত আবদ্ধ হোৱাৰ পিছত বোৱাৰীগৰাকীয়ে শহুৰেকৰ সৈতে ঘৰত সুখেৰে বাস কৰি আছে। কৈলাশ যাদৱ বৰহলগঞ্জ আৰক্ষী থানাৰ এজন চকীদাৰ। তেওঁৰ পত্নীৰ ১২ বছৰ আগতে মৃত্যু হৈছিল।আৰু কৈলাশৰ তৃতীয় পুত্ৰ অৰ্থাৎ পূজাৰ স্বামীৰো মৃত্যু হৈছে।

ইয়াৰ মাজতে পূজাৰ বিয়া বেলেগ এজনৰ লগত হৈছিল। কিন্তু পূজাই তাত থাকিব নোৱাৰি পুনৰ কৈলাশৰ ঘৰলৈ উভতি আহে। তাৰ পিছতে বোৱাৰীয়েকৰ প্ৰেমত পৰিল শহুৰেক কৈলাশ।

পিছত নিজ ইচ্ছাত সমাজ আৰু বয়সৰ কথা নাভাবি দুয়োৱে বিবাহ পাশত আৱদ্ধ হয়। তাৰ পিছতে তেওঁলোকৰ এখন ফটো সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।