পত্নী কাষতে শুই আছিল, স্বামীয়ে প্ৰথমে দুই সন্তানক হত্যা কৰি পাছত নিজেও চিপজৰী লয়
পাশৱিক পিতৃ, মাজনিশা সাৰ পাই হঠাতে পাশৱিক হৈ পৰে পিতৃ এগৰাকী। দুই সন্তানক হত্যা কৰি নিজেও আত্মহত্যা কৰে।
হত্যাৰ পূৰ্বে দুই সন্তানত বেয়াকৈ মাৰধৰ কৰে পিতৃয়ে। পাছত ডিঙি চেপি হত্যা কৰে। এই বৰ্বৰ ঘটনা সংঘটিত হৈছে ঝাৰখণ্ডৰ চক্ৰধাৰাপুৰত।
ঘটনা সন্দৰ্ভত জানিব পৰা অনুসৰি, গৰমৰ বাবে চাৰিজনীয়া পৰিয়ালটো ঘৰৰ বাৰাণ্ডাত শুই আছিল। কিন্তু মাজনিশা হথাতে পত্নীৰ কাষৰ পৰা ১২ বছৰীয়া আৰু ৯ বছৰীয়া কনমানি সন্তান দুটাক উঠাই লৈ যায় পিতৃয়ে।
কোঠাৰ ভিতৰলৈ নি দুয়োকে হত্যা কৰে। হত্যাৰ পাছত শহুৰেকক ফোন কৰি এই বিষয়ে জনাই আৰু কয়, কালি পুৱা আহি দুই নাতি নাতিনীৰ মৃতদেহ লৈ যাব, এতিয়া মইয়ো নিজকে শেষ কৰি দিম।
লগে ফোনৰ ছুইচ বন্ধ কৰি দিয়ে। আনহাতে পত্নীয়ে পুৱা শুই উঠি ঘৰত স্বামী সহ দুই সন্তানৰ মৃতদেহ দেখি সংজ্ঞাহীন হৈ পৰে। পৰিয়ালৰো লোক সকল উপস্থিত হয়।
চাৰিওফালে হাহাকাৰ লাগি যায়। আৰক্ষী আহি উপস্থিত হৈ তিনিওটা মৃতদেহ উদ্ধাৰ কৰে।
পাছে এই সমস্ত ঘটনা লোকগৰাকীয়ে কিয় সংঘটিত কৰে, সেই সন্দৰ্ভত কোনো তথ্য জানিব পৰা হোৱা নাই। পৰিয়ালৰ লোকৰ নতে, আৰ্থিক অৱস্থাৰ বাবেই এনেদৰে সন্তানক হত্যা কৰি নিজেও আত্মহত্যা কৰে।