29 C
Guwahati
Thursday, October 21, 2021
More

    দিখৌ নদীত উটি গ’ল পিতা-পুত্ৰ; পিতৃৰ মৃতদেহ উদ্ধাৰ

    এছ ডি আৰ এফ ৰ দলে নাও লৈ পার্থপ্ৰতিম বৰাৰ উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে

    শিৱসাগৰত কৰুণ ঘটনা। গা ধুবলৈ গৈ পিতা দিখৌ নদীৰ বাঢ়নী পানীত উটি গ’ল পিতা-পুত্ৰ। নিজ পুত্ৰৰ প্ৰাণ বচাবলৈ গৈ পিতৃও উটি গ’ল নদীত। শিৱসাগৰ নগৰৰ সমীপৱৰ্তী মেটেকা পানীচুকী গাঁৱৰ ঘটনা। পিতৃ বাণীকান্ত বৰা (৫৫) আৰু পুত্ৰ পার্থপ্ৰতিম বৰা (২০)।

    ইতিমধ্যে এছ ডি আৰ এফৰ উদ্ধাৰকাৰী দলে পিতৃ বাণীকান্ত বৰাৰ মৃতদেহ নদীৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। বগীদল পাঁচআলি পানী যোগান আঁচনিৰ চতুৰ্থ বৰ্গ কৰ্মচাৰী আছিল বাণীকান্ত বৰা। একমাত্ৰ পুত্ৰ পার্থপ্ৰতিম বৰা ওৰফে ধনটি। এছ ডি আৰ এফ ৰ দলে নাও লৈ পার্থপ্ৰতিম বৰাৰ উদ্ধাৰ অভিযানত নামিছে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং