অতিকে কৰুণ, ৰে’লৰ খুন্দাত একেলগে প্ৰাণ হেৰুৱালে পিতা-পুত্ৰই

0
6338
অতিকে কৰুণ, ৰে'লৰ খুন্দাত একেলগে প্ৰাণ হেৰুৱালে পিতা-পুত্ৰই

অতিকে কৰুণ, ৰে’লৰ খুন্দাত একেলগে প্ৰাণ হেৰুৱালে পিতা-পুত্ৰই। ধুবুৰী জিলাৰ বিলাসীপাৰাত শোকাৱহ পথ দুৰ্ঘটনাটো সংঘটিত হৈছে।

বিলাসীপাৰাৰ চাপটগ্ৰামত ৰে’লৰ খুন্দাত একেলগে নিহত দুজন ব্যক্তি। সোণকোষ নদীৰ ওপৰত থকা ৰেলৰ দলঙত সংঘটিত হৈছে এই ঘটনা ।

ধুবুৰী-কামাখ্যা ফাষ্ট পেছেঞ্জাৰ ৰে’লৰ খুন্দাত নিহত ব্যক্তিদ্বয় । ধুবুৰীৰ পৰা কামাখ্যা অভিমুখে আহি আছিল ৰেলখন । সম্বন্ধত দুয়োগৰাকী পিতা-পুত্ৰ বুলি জানিব পৰা গৈছে।

নিহত ইউছুফ আলী(৪০)আৰু ছাইদুৰ ইছলামৰ ঘৰ কোকৰাঝাৰ জিলাৰ জমুনাটাৰী গাঁৱত|

Input and Photo – Afrajul Islam

আৰু পঢ়ক : হৃদয়বিদাৰক, শোকাৱহ পথ দুৰ্ঘটনাত একে পৰিয়ালৰে ৭ জন লোকে হেৰুৱালে প্ৰাণ