নিজ কন্যাক ধৰ্ষণ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ পিতা-পুত্ৰ…
নিজৰ ১৬ বছৰীয়া কন্যাক ধৰ্ষণ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ ৪৩ বছৰীয়া পিতৃসহ ২০বছৰীয়া পুত্ৰ। এই ঘটনা মুম্বাইৰ।
এগৰাকী কিশোৰীক নিজৰেই ভাতৃ আৰু পিতৃৰ বিৰুদ্ধে ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন কৰিছে আৰু তাৰপিছতেই গ্ৰেপ্তাৰ হয় দুয়ো।আৰক্ষীয়ে জনোৱা অনুসৰি, কিশোৰী গৰাকীয়ে কৈছে যে ২০১৯ চনৰ পৰাই তেওঁৰ পিতৃয়ে কেইবাবাৰো ধৰ্ষণ কৰিছে আৰু ভাতৃয়ে প্ৰায় দুবছৰ আগত তেওঁক ধৰ্ষণ কৰিছিল।
দশম শ্ৰেণীত অধ্যয়নৰত কিশোৰী গৰাকীয়ে বিদ্যালয়ৰ শিক্ষয়ত্ৰীৰ আগত এই বিষয়ে জনোৱাৰ পিছতেই সমগ্ৰ ঘটনা পোহৰলৈ আহে।কিশোৰী গৰাকীৰ মতে ২০১৯ চনৰ জানুৱাৰী মাহত এদিন শুই থকা অৱস্থাত পিতৃয়ে প্ৰথমবাৰৰ বাবে ধৰ্ষণ কৰিছিল, আৰু তাৰপিছত ভাতৃয়েও যৌন নিৰ্যাতন চলাইছিল।আৰক্ষীয়ে জনাই যে প্ৰায় ২ বছৰ ধৰি কিশোৰী গৰাকীৰ লগত ধৰ্ষণকাণ্ড সংঘটিত হৈ আহিছে।কিন্তু বিভিন্ন শংকাত এই বিষয়ো কাকো অৱগত কৰা নাছিল কিশোৰী গৰাকীয়ে।
কিশোৰী গৰাকীয়ে ঘটনা সন্দৰ্ভত শিক্ষয়ত্ৰীক জনোৱাৰ পিছতেই বিদ্যালয় কৰ্তৃপক্ষই এটা এনজিঅৰ লগত যোগাযোগ কৰি আৰক্ষীৰ ওচৰলৈ নিয়ে।ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল কৰাৰ পিছতেই আৰক্ষীয়ে দুয়োকে গ্ৰেপ্তাৰ কৰে আৰু দুয়ো নিজৰ দোষ স্বীকাৰ কৰে। দুই অভিযুক্ত বৰ্তমান আৰক্ষীৰ জিম্মাত আছে আৰু ২২ জানুৱাৰীলৈ আৰক্ষীৰ জিম্মাত ৰখাৰ অনুমতি দিছে আদালতে।
আৰু পঢ়ক : বলিউদ গায়ক জুবিন নটিয়ালৰ পিতৃক বিজেপিৰ পৰা টিকট