28 C
Guwahati
Wednesday, April 21, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    পুনৰ কৰ’ণাই টোকৰ মাৰিছে অসমত, এইবাৰ ৰহাৰ এখন ঘৰতে পিতা-পুত্ৰী আক্ৰান্ত

    পুনৰ কৰ’ণাই টোকৰ মাৰিছে অসমত, এইবাৰ ৰহাৰ এখন ঘৰতে পিতা-পুত্ৰী আক্ৰান্ত

    নগাঁও ডিলাৰ ৰহাৰ লাউফুলাবড়ীত পিতৃ আৰু কন্যাৰ দেহত একেলগে ধৰা পৰিছে কভিড ১৯। লাউফুলাবড়ীৰ এগৰাকী ব্যক্তি আৰু লগতে তেওঁৰ দশম শ্ৰেণীৰ অধ্যয়নৰত কন্যাৰ দেহত ধৰা পৰিছে কভিড ১৯ৰ উপস্থিতি।

    জানিব পৰা মতে, জ্বৰত আক্ৰান্ত হোৱাত ব্যক্তিগৰাকীয়ে মহাদেউশাল পৰিপূৰক চিকিৎসালয়লৈ স্বাস্থ্য পৰীক্ষা কৰাবলৈ যায় আৰু তেখেতৰ কভিড পৰীক্ষা কৰোৱাত এয়াৰ বীজাণুৰ উপস্থিতি ধৰা পৰে।

    পিচত ব্যক্তিগৰাকীয়ে পৰিয়ালৰ সকলো সদস্যৰে কভিড পৰীক্ষা কৰাত তেওঁৰ কন্যাৰ দেহতো কভিড ধৰা পৰে। বৰ্তমান দুয়ো পিতা-পুত্ৰীকে ঘৰতে আছুতীয়াকৈ ৰখা হৈছে।

    উল্লেখ্য যে, মিস্ত্ৰীৰ যোগালি হিচাপে কাম কৰি ফুৰা লোকগৰাকীৰ কোনো বহিৰাগত ভ্ৰমণ ইতিহাস নাই বা তেনে কোনো সংযোগো নাই। সেয়ে সকলো উদীগ্ন কৰ পৰা আহিল এই ৰোগৰ বীজাণু। এই ঘটনাৰ পিছতে ছাত্ৰীগৰাকী পঢ়া বিদ্যালয়ৰ অন্য সকল ছাত্ৰীৰো কৰা হৈছে কভিড পৰীক্ষা।

    আৰু পঢ়ক :  কুকুৰ বিচাৰক লাভ কৰক প্ৰায় ৪ কোটি টকা! মালিকে লগে লগে হাততে দিব টকাৰ বাণ্ডিল

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং