33 C
Guwahati
Monday, September 26, 2022
More

    ৩৮ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা! দুখন বাহনৰ মুখামুখি সংঘৰ্ষত থিতাতে নিহত এজন

    ৩৮ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা! দুখন বাহনৰ মুখামুখি সংঘৰ্ষত থিতাতে নিহত এজন

    তিনিচুকীয়াৰ গোপনাৰীৰ ৩৮ নং ৰাষ্ট্ৰীয় ঘাইপথত নিশা এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। এখন তেল পৰিবাহী টেংকাৰ আৰু ডি.আই বাহনৰ মুখামুখি সংঘৰ্ষ হয়।

    দুয়োখন বাহনৰ মুখামুখি সংঘৰ্ষৰ ফলত এজন লোক থিতাতে নিহত হোৱাৰ লগতে তিনিজন লোক আহত হয়। নিহত হোৱা লোকজন টেংকাৰখনৰ হেণ্ডিমেন বুলি জানিব পৰা গৈছে।

    দুৰ্ঘটনাটো সংঘটিত কৰি টেংকাৰখনৰ চালক জনে পলায়ন কৰে। আনহাতে ডি.আই. বাহনৰ চালকসহ তিনিজন লোক গুৰুতৰভাৱে আহত ।

    আহতসকলক সংকটজনক অৱস্থাত তিনিচুকীয়া অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। দুৰ্ঘটনাগ্ৰস্ত বাহন দুখনৰ নম্বৰ AS 01 GC 8536 আৰু ডি.আই. বাহন খনৰ নম্বৰ AS 23 CC 9201।

    দুৰ্ঘটনাত নিহত যুৱকজনৰ পৰিচয় বৰ্তমানলৈকে উদ্ধাৰ কৰিব পৰা হোৱা নাই ।দুৰ্ঘটনাৰ পাছতেই একাংশ স্থানীয় লোকে ৩৮ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ।

    ৩৮ নং ৰাষ্ট্ৰীয় ঘাইপথৰ জৰাজীৰ্ণ অৱস্থাৰ বাবেই সঘনাই পথচোৱাত দুৰ্ঘটনা সংঘটিত হৈ থকাৰ অভিযোগ কৰিছে ৰাইজে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং