গাড়ী চালকৰ টোপনিয়েই কাল হ’ল এটা পৰিয়ালৰ! টোপনিয়ে প্ৰাণ ললে একেটা পৰিয়ালৰ ৪ জন লোকৰ..

0
17675

গাড়ী চালকৰ টোপনিয়েই কাল হ’ল এটা পৰিয়ালৰ! টোপনিয়ে প্ৰাণ ললে একেটা পৰিয়ালৰ ৪ জন লোকৰ..

দেওবাৰে পুৱা উত্তৰ প্ৰদেশৰ উন্নাওৰ হাছানগঞ্জ কোতৱালী অঞ্চলৰ লক্ষ্ণৌ-আগ্ৰা এক্সপ্ৰেছৱেত এক শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হয়।

জয়পুৰৰ পৰা বিহাৰৰ চিৱানলৈ যাত্ৰা কৰা এখন গাড়ী পুৱা প্ৰায় ৫:০০ বজাত দুৰ্ঘটনা গ্ৰস্ত হয়। প্ৰাপ্ত তথ্য অনুসৰি, লক্ষ্ণৌৰ পৰা আগ্ৰালৈ যোৱা গাড়ী খনৰ চালক জন টোপনি গৈছিল।

যাৰ ফলত গাড়ী খনে নিয়ন্ত্ৰন হেৰুৱাই ডিভাইডাৰভাঙি আনফালৰ পৰা অহা এখন গাড়ীৰ সৈতে মুখা মুখি সংঘৰ্ষ হয়। সংঘৰ্ষটো ইমানেই ভয়ংকৰ আছিল যে গাড়ীখনত থকা ছয়জন লোকৰ ভিতৰত চাৰিজন লোকৰেই ঘটনাস্থলীতে মৃত্যু হোৱাৰ লগতে এজন যুৱক গুৰুত্বৰভাৱে আহত হয়।

গাড়ী খনত থকা এজন যুৱক সৌভাগ্যক্ৰমে ৰক্ষা পৰে।দুৰ্ঘটনাত পতিত হোৱা লোক সকল একেটা পৰিয়ালৰ বুলি জানিব পৰা গৈছে। যাৰ ভিতৰত আছে স্বামী, পত্নী, কন্যা আৰু ভতিজী। জানিব পৰা মতে ৰাজস্থানত মটৰ পাৰ্টছব্যৱসায় চলাই থকা অখিলেশ মিশ্ৰাই তেওঁৰ সৰু ভায়েকৰ বিয়াৰ বাবে পৰিয়ালৰ সৈতে জয়পুৰৰ পৰা বিহাৰৰ চিৱানৰ এখন গাওঁলৈ গৈ আছিল।

কিন্তু আধা বাটতে হোৱা এই ভয়ংকৰ দুৰ্ঘটনাটোৱে প্ৰাণ ললে পৰিয়ালটোৰ।দুৰ্ঘটনাটোৰ বিষয়ে খবৰ পোৱাৰ পিছত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আহতসকলক গাড়ীৰ পৰা উদ্ধাৰ কৰে। তেওঁলোকক গুৰুতৰ অৱস্থাত লক্ষ্ণৌৰ লোকবন্ধু চিকিৎসালয়লৈ লৈ যায় যদিও চিকিৎসকে চাৰিজন লোকক মৃত বুলি ঘোষণা কৰে।