গেইল-কোহলীক পিছ পেলাই বাবৰ আজমে গঢ়িলে আন এক বিশ্ব অভিলেখ

0
1

পাকিস্তানৰ অধিনায়ক বাবৰ আজমে ভংগ কৰিবলৈ সক্ষম হৈছে বিৰাট কোহলী আৰু গেইলৰ নামত থকা আন এক অভিলেখ। প্ৰকৃততে বাবৰে টি-২০ ফৰ্মেটত ক্ষীপ্ৰতাৰে ৯০০০ ৰান সম্পূৰ্ণ কৰাৰ বিশ্ব অভিলেখ গঢ়িবলৈ সক্ষম হৈছে।

২৪৫টা ইনিংছত এই কৃতিত্ব অৰ্জন কৰিছে পাকিস্তানী অধিনায়কগৰাকীয়ে। তেওঁৰ পূৰ্বে এই অভিলেখটো আছিল ইউনিভাৰ্ছ বছ নামেৰে পৰিচিত ক্ৰীছ গেইলৰ নামত। গেইলে ২৪৯টা ইনিংছত ৯০০০ ৰান সম্পূৰ্ণ কৰিছিল।

ইফালে বিৰাট কোহলীয়ে ২৭১টা ইনিংছত আৰু অষ্ট্ৰেলিয়াৰ ডেভিদ ৱাৰ্নাৰে ২৭৩টা ইনিংছত এই কৃতিত্ব গঢ়িছিল।

ইয়াৰ পূৰ্বেও বাবৰে কোহলীক অতিক্ৰম কৰি তিনিওটা ফৰ্মেটতে সৰ্বাধিক দ্ৰুততম ১০০০০ ৰান সংগ্ৰহ কৰা এছিয়াৰ প্ৰথমজন ক্ৰিকেটাৰ হিচাপে পৰিগণিত হৈছিল।

উল্লেখ্য যে পাকিস্তান ছুপাৰ লীগৰ এলিমিনেটৰ মেচৰ সময়ত বাবৰ আজমে এই কৃতিত্ব গঢ়ে। তেওঁ পেছাৱৰ জালমীৰ হৈ ৩৯টা বলত ৬৪ ৰানৰ অধিনায়কত্বৰ ইনিংছ খেলিছিল। ইয়াৰ লগে লগে তেওঁ টি-২০ ক্ৰিকেটত দ্ৰুততম ৯০০০ ৰান সম্পূৰ্ণ কৰে।

টি-২০ ক্ৰিকেটত ৯০০০ ৰান (ইনিংছত) সংগ্ৰহ কৰা দ্ৰুততম খেলুৱৈ

১) বাবৰ আজম – ২৪৫

২) ক্ৰীছ গেইল – ২৪৯

৩) বিৰাট কোহলী -২৭১

৪) ডেভিড ৱাৰ্নাৰ – ২৭৩

৫) এৰন ফিঞ্চ-২৮১