অবিশ্বাস্যৰ দৰে! সকলো আচৰিত, ১-২ কেজি নহয়, ১১৫৮ কেজি ওজনৰ ৰঙালাও

0
854

অবিশ্বাস্য! সকলো আচৰিত, ১-২ কেজি নহয়, ১১৫৮ কেজি ওজনৰ ৰঙালাও

সকলো আচৰিত এই দেখি , এজন খেতিয়কে তেখেতৰ পথাৰত খেতি কৰি উলিয়ালে হাজৰ কেজিৰ ওপৰৰ এটা ৰঙালাও। যি ৰঙালাও দেখি সকলো আচৰিত।

কিয়নো ৰঙালাওটোৰ ওজন এক-দুই কেজি নহয় ১১৫৮ কেজি ওজন। যি ৰঙালাওৰ ফটো আৰু ভিডিঅ বৰ্তমানে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।

এই ৰঙালাওটো এক প্ৰদৰ্শনীত প্ৰদৰ্শন কৰা হৈছিল। যি দেখি সকলো আচৰিত হৈ পৰে। এই প্ৰদৰ্শনী আমেৰিকাৰ নিউয়ৰ্কত অনুষ্ঠিত হৈছিল।

অৱশ্যে এনেধৰণৰ ডাঙৰ ডাঙৰ পাচলি বা ফল আদি উৎপাদন কৰাটো কিছুমান ঠাইৰ মানুহৰ বাবে এক চখ। এক অঘোষিত প্ৰতিযোগিতা চলে এনেধৰণৰ ডাঙৰ ডাঙৰ পাচলি উৎপাদন কৰিবৰ বাবে।

পাছে এইদৰে হাজাৰ কেজিৰ ৰঙালাও দেখি সকলো আচৰিত। এই প্ৰদৰ্শনী ২ অক্টোবৰ তাৰিখে অনুষ্ঠিত হৈছিল। এই প্ৰতিযোগিতা খন কেৱল ৰঙালাওৰ ওপৰতে আছিল।

যি প্ৰদৰ্শনীত এই ১১৫৮ কেজি ওজনৰ ৰঙালাওটো সবাতোকৈ ডাঙৰ আছিল। ইয়াৰ বাবে খেতিয়ক গৰাকীয়ে ৫৫০০ ডলাৰৰ পুৰস্কাৰো লাভ কৰে।

খেতিয়ক গৰাকীয়ে সদৰি কৰা অনুসৰি তেখেতে এই ৰঙালাওটো ডাঙৰ কৰিবৰ বাবে ইয়াৰ অন্য সকলো শাখা তথা লতাবোৰ কাটি পেলাইছিল যাতে সকলো সাৰ কেৱল ৰঙালাওটোই লাভ কৰে।

উল্লেখ্য যে, ইয়াৰ পূৰ্বৰ সবাতোকৈ ডাঙৰ ৰঙালাওৰ ৰেকৰ্ড আছিল এগৰাকী ইটালীৰ খেতিয়কৰ নামত। ইটালীৰ খেতিয়কগৰাকীয়ে ১২২৫ কিলোগ্ৰাম ওজনৰ ৰঙালাও উৎপাদন কৰিছিল।