28 C
Guwahati
Monday, August 15, 2022
More

    ফাঁচী বজাৰ ডকাইতি কাণ্ডঃ ঘটনাৰে জড়িতৰ অভিযোগত ৪জনক গ্ৰেপ্তাৰ

    বৰ্তমানেও পলাতক ঘটনাটোৰ মূল মাষ্টাৰমাইণ্ড। ধৃত চাৰিওজন বৰ্তমান পানবজাৰ আৰক্ষীৰ জিম্মাত

    মহানগৰীৰ ফাঁচী বজাৰৰ ফেডাৰেল বেংকৰ ডকাইতি কাণ্ডৰ সৈতে জড়িত ৪ জনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। মঙলবাৰে সংঘটিত হৈছিল এই ঘটনা। ডকাইতে লুটি নিছিল বেংকৰ ৪০ লাখ টকা।

    ঘটনা সন্দৰ্ভত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ভি এছ এল নামৰ প্ৰতিষ্ঠানটোৰ ২ কৰ্মচাৰী, গাড়ী চালক আৰু এজন নিৰাপত্তাৰক্ষীক। ধৃত গাড়ী চালক বলোৰাম কলিতা, নিৰাপত্তাৰক্ষী ভৱেশ কলিতা, ২ কৰ্মচাৰী ক্ৰমে তাপশ বোশ আৰু জাকিফৰ ৰহমান।

    বৰ্তমান পানবজাৰ আৰক্ষীৰ জিম্মাত ৪ অভিযুক্ত। বিয়লি কামৰূপ মহানগৰ জিলা দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱা হ’ব চাৰিওজনক। বৰ্তমানেও পলাতক ঘটনাটোৰ মূল মাষ্টাৰমাইণ্ড।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং