26 C
Guwahati
Tuesday, September 27, 2022
More

    বিখ্যাত গায়কৰ ঘৰত আৰক্ষীৰ তালাচী ! উদ্ধাৰ কৰিলে ২১ কিলোগ্ৰাম গাঞ্জা

    দিল্লী আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিয়ান অব্যাহত ৰাখিছে । এই অভিযানত ড্ৰাগছসহ বহু সৰবৰাহকাৰীক আৰক্ষীয়ে আটক কৰিছে। দিল্লী আৰক্ষীৰ নাৰ্কোটিক্স চেলে ভোজপুৰী গায়ক বিনয় শৰ্মাক গ্ৰেপ্তাৰ কৰিছে।

    বিনয়ক ইনফৰ্মাৰৰ ইনপুটত গ্ৰেপ্তাৰ কৰা হৈছিল। দৰাচলতে ভোজপুৰী গায়ক বিনয় শৰ্মাক দিল্লী আৰক্ষীয়ে ২১ কিলোগ্ৰাম গাঞ্জাসহ উদ্ধাৰ কৰিছে। বিনয় বিহাৰৰ চিৱানৰ বাসিন্দা হয়।

    যিয়ে ১০০ তকৈও অধিক ভোজপুৰী গান গাইছে। দিল্লীৰ পশ্চিম জিলাৰ আৰক্ষীয়ে দিয়া তথ্য অনুসৰি ১০ আগষ্টত জিলাখনৰ নৰকোটিক্স দলৰ দলে তথ্য পাইছিল যে এজন ড্ৰাগছ চোৰাং ব্যৱসায়ী ইন্দৰপুৰীৰ টোডা গাওঁ শাস্ত্ৰী মাৰ্গ টি-পইণ্টত কাৰোবাক লগ কৰিবলৈ আহিব।

    তথ্য অনুসৰি আৰক্ষী সেইস্থানত উপস্থিত হৈ তালাচী চলাইছিল। তালাচীৰ অন্তত গায়ক জনৰ ঘৰৰ পৰা ২১ কিলোগ্ৰাম গাঞ্জা জব্দ কৰে।

    লগে লগে গায়ক জনৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে । এই গাঞ্জা সমূহ ক’ৰ পৰা আহিছিল তাক জানিবৰ বাবে আৰক্ষীয়ে বিনয় শৰ্মাক নিৰন্তৰ জেৰা কৰি আছে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং