এক আজৱ ঘটনা ! পৰিয়ালৰ লোকে কৰিছিল অন্ত্যেষ্টিক্ৰিয়াৰ প্ৰস্তুতি , পিছে হঠাতে জীৱিত হ’ল মহিলা

0
5120

এক আজৱ ঘটনা ! পৰিয়ালৰ লোকে কৰিছিল অন্ত্যেষ্টিক্ৰিয়াৰ প্ৰস্তুতি , পিছে হঠাতে জীৱিত হ’ল মহিলা

উত্তৰ প্ৰদেশৰ দেওৰিয়া জিলাত এক আচৰিত ঘটনা সংঘটিত হৈছে। য’ত এগৰাকী মহিলাৰ অন্ত্যেষ্টিক্ৰিয়াৰ প্ৰস্তুতি কৰাৰ সময়তে ঘটিল এই আজৱ ঘটনাটো। দৰাচলতে উত্তৰ প্ৰদেশৰ মহুৱাদিহ আৰক্ষী থানাৰ অন্তৰ্গত বেলৱা বজাৰ গাঁৱৰ বাসিন্দা মীনা দেৱীয়ে দীৰ্ঘদিন ধৰি শ্বাস-প্ৰশ্বাসজনিত এক গুৰুতৰ ৰোগ আক্ৰান্ত হৈ আছে।

সোমবাৰে, মীনাৰ স্বাস্থ্য হঠাতে অৱনতি হ’বলৈ ধৰে। তাৰ পিছত তেওঁৰ পৰিয়ালৰ লোক সকলে লগে লগে নিকটতম চৰকাৰী চিকিৎসালয়লৈ লৈ যায় । কিন্তু তাৰ পৰা চিকিৎসকে তেওঁক জিলা চিকিৎসালয়লৈ প্ৰেৰণ কৰে। শুকুৰবাৰলৈকে চিকিৎসা কৰাৰ পিছত চিকিৎসকে তেওঁক ঘৰলৈ লৈ যাবলৈ দিয়ে।

আৰু মহিলাগৰাকীৰ পুত্ৰ টিংকুক ঘৰতে মাতৃৰ সেৱা কৰিবলৈ কয়। পুত্ৰ টিংকুয়ে এখন এম্বুলেন্সত মাকৰ সৈতে গাওঁলৈ ৰাওনা হয়। সেই সময়তে টিংকুয়ে অনুভৱ কৰিলে যে তেওঁৰ মাকৰ উশাহ বন্ধ হৈছে আৰু তেওঁ এই পৃথিৱীত নাই। তেওঁ লগে লগে ঘৰৰ মানুহক খবৰ দিয়ে।

খবৰ পোৱা লগে লগে পৰিয়ালৰ সকলো মানুহ টিংকুহতৰ ঘৰত উপস্থিত হয় আৰু অন্ত্যেষ্টিক্ৰিয়াৰ বাবে প্ৰস্তুতি আৰম্ভ কৰে। কিন্তু তাৰ অলপ সময়ৰ পিছত পুত্ৰ টিংকুয়ে ফোন কৰি কয় যে তেওঁৰ মাতৃ জীয়াই আছে আৰু পুনৰ উশাহ লৈছে। অৱশ্যে মহিলা গৰাকী এতিয়া সুস্থ বুলি জানিব পৰা গৈছে।