29 C
Guwahati
Thursday, October 21, 2021
More

    জীৱিকাৰ তাড়নাত বেংগালুৰুলৈ যোৱা অসমৰ এটা পৰিয়ালৰ ৫ জন লোক অগ্নিদগ্ধ, ৩ জনৰ মৃত্যু, দুজন চিকিৎসাধীন

    জীৱিকাৰ তাড়নাত বেংগালুৰুলৈ যোৱা অসমৰ এটা পৰিয়ালৰ ৫ জন লোক অগ্নিদগ্ধ, ৩ জনৰ মৃত্যু, দুজন চিকিৎসাধীন – বেংগালুৰুত সংঘটিত হৈছে এক কৰুণ ঘটনা। এক ভয়ংকৰ অগ্নিকাণ্ডত অসমৰ একেটা পৰিয়ালৰে তিনিজন সদস্যৰ মৃত্যু আৰু দুজন সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ থকা ঘটনাই শোকৰ ছাঁ পেলাইছে চহৰখনত।

    জানিব পৰা মতে, জীৱিকাৰ সন্ধানত অসমৰ কৰিমগঞ্জ জিলাৰ ৰাতাবাৰীড়ি সমষ্টিৰ কেকড়াগুল চাহ বাগিচাৰ এটা দৰিদ্ৰ পৰিয়ালে যোৱা কিছু দিন পূৰ্বে বেংগালুৰুলৈ গৈছিল।

    ঘৰৰ মুৰব্বী মুন মালাই এটা বেচৰকাৰি সংস্থাত কামত যোগ দি পৰিয়ালৰ প্ৰতিপালন কৰি আছিল।

    কিন্তু যোৱা ১ জুনত ৰন্ধন গেছৰ চিলিণ্ডাৰ বিস্ফোৰণ হোৱাৰ ফলত পৰিয়ালৰ পাঁচজন লোক অগ্নিদগ্ধ হৈছিল।

    স্থানীয় লোক আৰু অগ্নি নিৰ্বাপক বাহিনীৰ তৎপৰাতত পৰিয়ালটোৰ আটাই কেইগৰাকী সদস্যকে উদ্ধাৰ কৰি ভিক্টোৰিয়া হাস্পতালত ভৰ্তি কৰোৱায়।

    কিন্ত হাস্পতালত যোৱাৰ পিছত মুন মালাৰ পত্নী বিন্দা মালাৰ (৩৬) মৃত্যু হয়। ইফালে আজি চিকিৎসাধীন অৱস্থাত তেওঁৰ মাতৃ লছমী মালা (৬৫) আৰু পুত্ৰ সম্ৰাট মালাৰো (১৪)মৃত্যু ঘটে।

    এতিয়ালৈকে মুন মালা আৰু তেওঁৰ ১২ বছৰীয়া কন্যা নিশা মালা হস্পাতালত মৃত্যুৰ সৈতে যুঁজ দি আছে।

    দুৰ্ভগীয়া পৰিয়ালটোক চৰকাৰী সাহায্য প্ৰদানৰ বাবে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিস্ব শৰ্মাক কাতৰ অনুৰোধ জনাইছে কেকড়াগুল চাহ বাগিচাৰ ৰাইজে।

    আৰু পঢ়ক : প্ৰসিদ্ধ অভিনেতা দিলীপ কুমাৰক পিডি হিন্দুজা চিকিৎসালয়ত ভৰ্তি

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং