নগৰবেৰাত স্বামীৰ পাশৱিক কাণ্ড, জীৱিত অৱস্থাতে পত্নীক হাত-ভৰি বান্ধি মুখত সোপা দি পেলাই দিলে নদীত

0
5399
প্ৰতিনিধিত্বমূলক চিত্ৰ

নগৰবেৰাত স্বামীৰ পাশৱিক কাণ্ড, জীৱিত অৱস্থাতে পত্নীক হাত-ভৰি বান্ধি মুখত সোপা দি পেলাই দিলে নদীত।নগৰবেৰাৰ নতুন বদলাত এই শিহৰণকাৰী ঘটনা সংঘটিত হৈছে।

মইদুল ইছলাম নামৰ পাষণ্ড স্বামীয়ে পৰিয়ালৰ সহযোগত হত্যাৰ চেষ্টা চচলাই পত্নীক। পাষণ্ড স্বামীয়ে পত্নীক প্ৰথমে বেয়াকৈ মাৰধৰ কৰি পাছত আধামৰা অৱস্থাত মুখত সোপা দি হাত ভৰি বান্ধি এখন নৈত পেলাই দিয়ে।

দীৰ্ঘদিনৰে পৰা স্বামী মইদুল ইছলামে সুৰাপান কৰি আহিপত্নীৰ ওপৰত অকথ্য নিৰ্যাতন চলাই আহিছিল। স্বামীৰ এনে কাণ্ডৰ বাবে প্ৰায়ে স্বামী স্ত্ৰীৰ মাজত চলিছিল পাৰিবাৰিক সংঘাত ৷

পাছে অৱশেষত সেই সংঘাতে আজি ললে ভয়ংকৰ ৰূপ ৷ সুৰা পান কৰি আহি মইদুল ইছলামে পত্নীক প্ৰথে প্ৰচণ্ড মাৰপিট কৰে পাছত নিৰ্জন ঠাইলৈ নি মুখত হোপা দি হাত ভৰি বান্ধি নৈত পেলাই দিয়ে।

পাছে সৌভাগ্যক্ৰমে এই ঘটনা দেখা পাই এজন ম’হ ৰখীয়াই, লগে লগে খবৰ কৰে টুপামাৰী আৰক্ষীক ৷ খবৰ পাই তাৎক্ষণিক ভাবে টুপামাৰী আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মূমূৰ্ষ অৱস্থাত মহিলা গৰাকীক উদ্ধাৰ কৰি সোণতলী প্ৰাথমিকৰ স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰে ৷

কিন্তু অভিযুক্ত স্বামীৰ আটক কৰিবলৈ যোৱাৰ সময়তেপাষাণ স্বামী আৰু তেওঁৰ পৰিয়ালে পলায়ন কৰা বুলি জানিব পৰা যায় ৷

Input and Photo – Zakir Hussain Mandal