এক হৃদয়স্পৰ্শী ঘটনা ! পোহনীয়া কুকুৰটোৰ মৃত্যুত উলিয়ালে অন্তিম যাত্ৰা

0
1068

এক হৃদয়স্পৰ্শী ঘটনা ! পোহনীয়া কুকুৰটোৰ মৃত্যুত উলিয়ালে অন্তিম যাত্ৰা

উৰিষ্যাৰ পৰলাখেমুণ্ডিৰ পৰা এক হৃদয়বিদাৰক ঘটনা পোহৰলৈ আহিছে ।পৰলাখেমুণ্ডিত বাস ইয়াত বাস কৰা এটা পৰিয়ালে তেওঁলোকৰ মৰমৰ পোহনীয়া কুকুৰটোৰ মৃত্যুত অন্তিম যাত্ৰা উলিয়াইছিল ।

তথ্য অনুসৰি পৰলাখেমুণ্ডিৰ বাসিন্দা পৰিয়ালটোৱে ১৭ বছৰ আগতে ‘অঞ্জলি’ নামৰ এটা কুকুৰ ঘৰলৈ আনিছিল। পৰিয়ালৰ প্ৰতিজন লোকে অঞ্জলিৰ প্ৰতিটো সৰু ডাঙৰ বস্তুতে যত্ন লৈছিল।

পৰিয়ালটোৰ আৰু অঞ্জিলৰ মাজত এনেকুৱা বন্ধুত্ব আছিল যে অঞ্জলি তেওঁলোকৰ পৰিয়ালৰ সদস্য হৈ পৰিছিল। কিন্তু ১৭ বছৰৰ যেতিয়া অঞ্জলীৰ মৃত্যু হয় পৰিয়ালটোৰ সকলো লোকে হিয়া ধাকুৰি কান্দিছিল।

পৰিয়ালটোৱে তেওঁক শেষ শ্ৰদ্ধা জনাবলৈ এক অনন্য অনুষ্ঠানৰ আয়োজন কৰিছিল। ড্ৰাম বজোৱা হৈছিল আৰু অঞ্জলীৰ অন্ত্যেষ্টিক্ৰিয়াৰ সময়ত শোভাযাত্ৰা উলিয়াছিল।

কুকুৰৰ গৰাকী জনে নিজেই অঞ্জলিৰ শৱটো কোলাত লৈ শ্মশানলৈ লৈ গৈছিল আৰু হিন্দু ৰীতি-নীতি অনুসৰি ইয়াক সৎকাৰ কৰিছিল।