19 C
Guwahati
Wednesday, December 1, 2021
More

    ভুৱা টেট শিক্ষক নিযুক্তিৰ মূল মাষ্টাৰ মাইণ্ড আৰক্ষীৰ জালত, চাকৰিৰ নামত লৈছিল ৫ ৰ পৰা ১০ লাখ টকা

    অৱশেষত হাজো আৰক্ষীৰ জালত ভুৱা টেট শিক্ষক নিযুক্তিৰ মুল মাষ্টাৰ মাইণ্ড। টেট শিক্ষক নিযুক্তিৰ মূল অভিযুক্ত মহম্মদ ইছালমুদ্দিনক হাজোৰ বৰম্বৈৰ পৰা আটক আৰক্ষীৰ।

    গুৱাহাটী অভিমুখে গৈ থকা অৱস্থাত হাজো আৰক্ষীয়ে আটক কৰে ইছলামুদ্দিনক। হাজোৰ বিভিন্ন অঞ্চলৰ নিবনুৱা যুৱক যুৱতীৰ পৰা ৫ৰ পৰা পৰা ১০ লাখ কৈ টকা লোৱাৰ অভিযোগ ইছলামুদ্দিনৰ বিৰুদ্ধে।

    অভিযোগ অনুসৰি বিভিন্ন বিভাগত চাকৰি দিয়াৰ নামত ধন লৈছিল ইছলামুদ্দিনে। এই ঘটনাত জড়িত নগাঁৱৰ ড০ জাহিৰুল ইছলাম বুলি মন্তব্য ধৃত ইছলামুদ্দিনৰ। আৰক্ষী সন্দেহ নগাঁওৰ ভুৱা চাৰ্টিফিকেট চক্ৰৰ সৈতে সংযোগ মহম্মদ ইছালমুদ্দিনৰ।

    উল্লেখ্য যে, ৰাজ্যত টেট শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত কেলংকাৰীৰ কথা পোহৰলৈ আহিছে। ইতিমধ্যে ৰাজ্যত ২০ তকৈ অধিক ভুৱা টেট শিক্ষকক আটক কৰা হৈছে। তদন্তত আৰু অধিক ভুৱা টেট শিক্ষক জালত পৰাৰ সম্ভাৱণা আছে।

    ইনপুট:মৃদুল প্ৰতীম ডেকা।

    আৰু পঢ়ক : ভ্ৰাম্যমাণ থিয়েটাৰ সম্পৰ্কত গুৰুত্বপূৰ্ণ মন্তব্য স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তৰ

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং