আজমল ফাউণ্ডেচনত RTI কৰি ধন বিচৰাৰ সময়ত হাতে-লোটে হোজাই আৰক্ষীয়ে আটক কৰে মোৰাজাৰৰ জমিৰ উদ্দিন নামৰ লোকজনক৷
নিজকে কৃষক সংগ্ৰাম সমিতিৰ সভাপতি বুলি পৰিচয় দি বিভিন্ন বিভাগত RTI কৰিছিল জমিৰ উদ্দিনে৷ তাৰ পিছত ধন বিচাৰি ব্লেকমেইলিঙত লিপ্ত হয় ভুৱা RTI কৰ্মীজন৷পূৰ্বতেও RTI ৰ নামত ধন বিচৰাৰ বাবদ কেবাবাৰো জেল হাজোতলৈ গৈছিল লোকজন৷
ভুৱা RTI কৰ্মীজনে আজমল ফাউণ্ডেচনত সহায় বিচাৰি সংগ্ৰহ কৰিছিল ৫০ হাজাৰ টকা৷তাৰ পিছত পুনৰ ধন বিচাৰি হাৰাশাস্তি চলাইছিল আজমল ফাউণ্ডেচনৰ বিষয়াসকলক৷ ধন লাভ নকৰি জমিৰ উদ্দিনে RTI যোগে আজমল ফাউণ্ডেচনৰ কিছু তথ্য বিচাৰিছিল৷তথ্য প্ৰদান কৰাৰ পিছতো পুনৰ RTI আইনৰ জৰিয়তে তথ্য বিচাৰিছিল লোকজনে৷তাৰ পিছতে RTI উঠাই লোৱাৰ বাবদ ধন বিচাৰি ব্লেকমেইলিঙত লিপ্ত হয় জমিৰ উদ্দিন৷
আজি ভুৱা RTI কৰ্মীজনে আজমল ফাউণ্ডেচনৰ কাৰ্যালয়ত আহি সঞ্চালক ড° খচৰুল ইছলামক ভাবুকি দি ধন বিচাৰে৷আজমল ফাউণ্ডেচনে লগে লগে হোজাই আৰক্ষীক খৱৰ দিয়াত আৰক্ষীয়ে আটক কৰি লৈ যায় ভুৱা RTI কৰ্মীজনক৷
ভুৱা RTI কৰ্মীজনে ধন বিচৰাৰ তথ্যসহ আজমল ফাউণ্ডেচনে হোজাই থানাত এটা গোচৰ দাখিল কৰিছে৷
আৰু পঢ়ক : ”হিমন্ত বিশ্ব শৰ্মা কোনো ভাষা বিদ নহয়, বি জে পি চৰকাৰে ৰাইজে গঢ়া অনুষ্ঠান সমূহ ধ্বংস কৰিছে”